ধৰ্মীয়ভাৰতসংস্কৃতি

আজিৰে পৰা আৰম্ভ হ’ল নৱৰাত্ৰি, দেশজুৰি ব্যাপক আয়োজন

শক্তি উপাসনাৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ আগমণক লৈ দেশজুৰি হিন্দু ধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক প্ৰস্তুতি

আজিৰে পৰা আৰম্ভ হ’ল নৱৰাত্ৰি, দেশজুৰি ব্যাপক আনন্দ

শক্তি উপাসনাৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ আগমণক লৈ দেশজুৰি হিন্দু ধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক প্ৰস্তুতি৷ দেৱীৰ আগমণৰ লগে লগে চহৰে-নগৰে, গাঁৱে-ভূঁঞে আটকধুনীয়া মণ্ডপ নিৰ্মাণ কৰি দেৱীক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে৷ ইফালে সোমবাৰৰ পৰা অৰ্থাৎ আজিৰে আৰম্ভ হোৱা নৱৰাত্ৰি সমগ্ৰ দেশ জুৰি ধুমধামেৰে পালন কৰা দেখিবলৈ পোৱা গৈছে৷

নৱৰাত্ৰি হৈছে হিন্দু ধৰ্মৰ প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত এক উৎসৱ। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰেও জনা যায়। প্ৰতি বছৰে বসন্ত আৰু শৰৎ কালত নৱৰাত্ৰি পালন কৰা হয়৷ বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা বুলি কোৱা হয়৷

নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন কৰা হয়৷ ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯ টা অৱতাৰক পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়। উল্লেখ্য যে, নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিবিধ পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন ধৰ্মীয় পুথিত পোৱা যায়। নৱৰাত্ৰিৰ পহিলা দিনত দেশৰ বিভিন্ন প্ৰান্তৰ শক্তিপীঠ সমূহত ভক্তৰ লানি নিচিগা ভিৰ৷ নৱৰাত্ৰিৰ পহিলা দিনত পদযাত্ৰা কৰি মন্দিৰত উপস্থিত হোৱা ভক্তই দেৱী দুৰ্গাৰ শ্ৰীচৰণত মূৰ দোৱাই দুৰ্গতি নাশৰ কামনা কৰে৷

সমগ্ৰ দেশৰ লগতে অসমতো নৱৰাত্ৰি উলহ মালহেৰে পালন নৱৰাত্ৰি৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে কামাখ্যা শক্তিপীঠত নৱৰাত্ৰিৰ মহা আয়োজন৷ তদুপলক্ষে নৱৰাত্ৰিৰ পহিলা দিনটোতে শক্তিপীঠ কামাখ্যাত অগণন ভক্তই ভিৰ কৰি দেৱী দুৰ্গাৰ আশীষ লয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button