SocialSocial Networkস্বাস্থ্য

যৌন সম্পৰ্কীয় সমস্যাক লৈ আপুনি চিন্তিত নেকি? লাজ নকৰি মুকলিকৈ কথা পাতক ‘Bol Behen’ত…

ব'ল বেহেন (Bol Behen) মেছেজিং প্লেটফৰ্ম প্ৰতিষ্ঠা কৰা হৈছে হিন্দী আৰু ইংৰাজী ভাষাত। ব'ল বেহেনৰ জৰিয়তে কিশোৰী, যুৱতীসকলে মধ্যবয়সীয়া অভিজ্ঞ মহিলাসকলৰ সৈতে কথা পাতি নিজৰ স্বাস্থ্যজনিত সমস্যাসমূহৰ সমাধান কৰিব পাৰিব

মহিলাসকলৰ বাবে এক সুখবৰ। মহিলাসকলৰ সহায়ৰ বাবে ‘মেটা’ই (Meta) মুকলি কৰিছে এটা মেছেজিং প্লেটফৰ্ম। যাৰ জৰিয়তে মহিলাসকলে তেওঁলোকৰ সকলো স্বাস্থ্য আৰু যৌন সম্পৰ্কীয় সমস্যাৰ সমাধান কৰিব পাৰিব। মেটাই মুকলি কৰা এই প্লেটফৰ্মটোৰ নাম হৈছে ‘ব’ল বেহেন'(Bol Behen)।

যৌন সম্পৰ্কীয় সমস্যাক লৈ আপুনি চিন্তিত নেকি? লাজ নকৰি মুকলিকৈ কথা পাতক 'Bol Behen'ত...

 

ব’ল বেহেন (Bol Behen) মেছেজিং প্লেটফৰ্ম প্ৰতিষ্ঠা কৰা হৈছে হিন্দী আৰু ইংৰাজী ভাষাত। ব’ল বেহেনৰ জৰিয়তে কিশোৰী, যুৱতীসকলে মধ্যবয়সীয়া অভিজ্ঞ মহিলাসকলৰ সৈতে কথা পাতি নিজৰ স্বাস্থ্যজনিত সমস্যাসমূহৰ সমাধান কৰিব পাৰিব। সাধাৰণতে কিশোৰী, যুৱতী, মহিলাসকলে লাজ, ভয়, শংকাৰ বাবে বিভিন্ন সংবেদনশীল বিষয় যেনে যৌন সম্পৰ্কীয়, স্বামী-স্ত্ৰীৰ সম্পৰ্ক, প্ৰজনন স্বাস্থ্য আদিৰ ক্ষেত্ৰত মুকলি কৈ কথা পাতিব নিবিচাৰে। মহিলাসকলে যাতে নিজৰ এই কথাবোৰ মুকলিভাৱে ক’ব পাৰে, তাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই মেটাই প্ৰতিষ্ঠা কৰিছে ব’ল বেহেন।

 

যৌন সম্পৰ্কীয় সমস্যাক লৈ আপুনি চিন্তিত নেকি? লাজ নকৰি মুকলিকৈ কথা পাতক 'Bol Behen'ত...

২৪ ঘণ্টাই সক্রিয় হৈ থকা ব’ল বেহেনৰ ৱাটছাপ নম্বৰ হৈছে +917304496601। https://wa.me/917304496601 এই লিংকত গৈ আপুনি ‘Hi’ লিখি পঠিয়ালে আপোনালৈ খুব কম সময়ৰ ভিতৰতেই সহাঁৰি জনাব ব’ল বেহেনে। উল্লেখ্য যে, ব’ল বেহেন মেছেজিং প্লেটফৰ্মটো‌য়ে ইতিমধ্যেই যথেষ্ট লোকৰ সহাঁৰি পাইছে। ১.৬ কোটি মেচেজৰ ১০০,০০০ লোকৰ লগতে ইতিমধ্যে কথাৰ আদান প্ৰদান হৈছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button