AssamCMO Assamleatest updatenationalPMo indiaঅসমদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ প্ৰান প্ৰতিষ্ঠা কৰাক লৈ তীব্ৰ অসন্তুষ্টি পুৰীৰ শংকৰাচাৰ্যৰ

এজন ৰাজনৈতিক নেতাই ৰামলালা স্থাপন প্ৰত্যক্ষ কৰাটো ধৰ্মগুৰু হিচাপে নিজৰ পক্ষে অসম্মানজনক বুলি সভাখনত মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে শংকৰাচাৰ্যজনে।

অযোধ্যাৰ ভব্য ৰাম মন্দিৰত ৰামলালাৰ প্ৰান প্ৰতিষ্ঠাৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিৰ বিৰোধিতা কৰিছে পুৰীৰ শংকৰাচাৰ্যই।দীৰ্ঘ দিনীয়া অপেক্ষাৰ অন্তত ২২ জানুৱাৰীত প্ৰান প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰৰ। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰান প্ৰতিষ্ঠা সমাৰোহ।

এইঐতিহাসিক মূহুৰ্তৰ প্ৰত্যক্ষ সাক্ষী হৈ ৰোৱাৰ বাবে উৎসাহেৰে অপেক্ষা কৰি আছে সাধু-সন্ত সমাজে।
কিন্তু দেশৰ সনাতনী সমাজৰ বিপৰীত স্থিতি লৈছে উড়িশাৰ পুৰী মঠৰ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ‌‌‌ সৰস্বতীয়ে। শংকৰাচাৰ্যজনৰ আপত্তি প্ৰধানমন্ত্ৰী মোদীৰ ৰাম মন্দিৰৰ প্ৰান প্ৰতিষ্ঠা কৰাক লৈ।
এখন হিন্দু জাগৰণ সম্মিলনত ভাগ লৈ ক্ষোভ প্ৰকাশ কৰিছে ধৰ্মগুৰু গৰাকীয়ে। এজন ৰাজনৈতিক নেতাই ৰামলালা স্থাপন প্ৰত্যক্ষ কৰাটো ধৰ্মগুৰু হিচাপে নিজৰ পক্ষে অসম্মানজনক বুলি সভাখনত মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে শংকৰাচাৰ্যজনে।

শ্ৰী ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰ ন্যসে তেওঁলৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে যদিও প্ৰান প্ৰতিষ্ঠা সমাৰোহলৈ নাযায় বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে ধৰ্মগুৰু নিশ্চলানন্দই। এজন ৰাজনৈতিক নেতাৰ ঠাইত এগৰাকী ধৰ্মগুৰুৱে ৰাম মন্দিৰৰ প্ৰান প্ৰতিষ্ঠা কৰা হ’লেহে সুখী হ’লহেতেন বুলি স্বামী নিশ্চলানন্দই মন্তব্য দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.