Assamassam policeCity newsCMO AssamElectionHimanta Biswa Sarmahoroscopenationalpoliticalঅসমঅসম আৰক্ষীআঞ্চলিকগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা পুনৰ আৰম্ভ হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত পুনৰ ‘দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী’ৰ আখ্যা ৰাহুল গান্ধীৰ

অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ একাদশ দিন আৰম্ভ কৰাৰ পূৰ্বে ৰাহুল গান্ধীয়ে এক সভাত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ “আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী” আখ্যা দি আক্ৰমণ চলালে

গুৱাহাটী চহৰত প্ৰৱেশৰ প্ৰয়াসত পথ অৱৰোধৰ সন্মুখীন হোৱাৰ এদিন পিছতে বুধবাৰে বৰপেটাত আৰু অধিক সমাবেশেৰে প্ৰৱেশ কৰি ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰে কংগ্ৰেছৰ যুবৰাজ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধী আৰু কে চি ভেনুগোপালকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে হিংসা, প্ৰৰোচনা,ৰাজহুৱা সম্পত্তিৰ ক্ষতি আৰু আৰক্ষী জোৱানক আক্ৰমণৰ অভিযোগত গোচৰ ৰুজু কৰে।

যাত্ৰাৰ একাদশ দিন আৰম্ভ কৰাৰ পূৰ্বে ৰাহুল গান্ধীয়ে এক সভাত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ “আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী” আখ্যা দি আক্ৰমণ চলালে।

বৃহস্পতিবাৰে ৰাজ্যত প্ৰৱেশ কৰাৰ পিছৰে পৰা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে তেওঁলোকৰ যাত্ৰাত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। গুৱাহাটীত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে দলীয় কৰ্মীসকলে সংঘৰ্ষত লিপ্ত হোৱাৰ পিছতে ৰাজ্য চৰকাৰ আৰু কংগ্ৰেছৰ মাজত হোৱা সংঘাতে অভূতপূৰ্ব ৰূপ ধাৰণ কৰে।

কংগ্ৰেছৰ সাংসদগৰাকীৰ বিৰুদ্ধে ‘ভিৰ প্ৰৰোচিত’ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিবলৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.