অসমআঞ্চলিক

আধুনিক শ্ৰৱণ কুমাৰ খ্যাত ৰাহুললৈ সহায়ৰ হাত তিনি কটনিয়ানৰ

প্ৰায় একমাহ পূৰ্বে সামাজিক আৰু সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল ৰাহুল হীৰাই

অন্ধ মাক-দেউতাকক হাতত ধৰি ভিক্ষাৰ জোলোঙালৈ জীৱন সংগ্ৰাম কৰা আধুনিক শ্ৰৱণ কুমাৰ খ্যাত ৰহাৰ কণমানি ৰাহুলৰ কথা নিশ্চয় আছে আপোনালোকৰ।

 

 

সামাজিক মাধ্যম, সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰা ৰাহুল হীৰালৈ এইবাৰ সহায়ৰ হাত তিনি সহপাঠী কটনিয়ানৰ। উল্লেখ্য যে, প্ৰায় একমাহ পূৰ্বে সামাজিক আৰু সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল ৰাহুল হীৰাই। দৃষ্টিহীনা পিতৃ-মাতৃক হাতত ধৰি বাট দেখুৱাই বিভিন্ন ঠাইত খুজি-মাগি ফুৰা কণমানি ৰাহুলৰ জীৱন সংগ্ৰামৰ কাহিনী প্ৰকাশ পাইছিল সংবাদ মাধ্যমত।

 

 

ইয়াৰ পিচতে ৰাহুল আৰু তেওঁৰ পৰিয়ালক সহায়ৰ বাবে আগবাঢ়ি আহিল এজনৰ পিছত আনজন হৃদয়বান ব্যক্তি। শেহতীয়াকৈ এইবাৰ ৰাহুলক সহায়ৰ বাবে আগবাঢ়ি আহিছে ঋত্বিক ঠাকুৰীয়া, কৌশিক কিৰণ হাজৰিকা আৰু ঈশান ভাৰ্গৱ দাস নামৰ কটন বিশ্ববিদ্যালয়ৰ তিনিজন সহপাঠী ছাত্ৰই। এওঁলোকে ৰাহুলৰ পঢ়া-শুনাৰ দায়িত্ব লোৱাৰ উপৰিও আগবঢ়াইছে আৰ্থিক সাহায্য।

 

টিউচন কৰি লাভ কৰা মাননীৰ এটা অংশ ৰাহুললৈ আগবঢ়াব বুলিও জানিবলৈ দিয়ে তিনিও কটনিয়ান ছাত্ৰই। আন দহটি শিশুৰ দৰে ৰাহুলেও যেন সমান সুবিধা পাই তাৰ প্ৰতিও চকু দিব বুলি কয় তিনিও বন্ধুৱে। লগতে ৰাহুলৰ পৰিয়ালে যাতে পৰ্যাপ্ত চৰকাৰী সুবিধা পাই তাৰ বাবেও চৰকাৰক আহ্বান জনায় তিনি বন্ধুৱে। পঢ়াৰ প্ৰতি আগ্ৰহী কণমানি ৰাহুলেও ভালকৈ পঢ়াশুনা কৰিম বুলি প্ৰতিশ্ৰুতি দিলে তিনি কটনিয়ানক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.