ৰাষ্ট্ৰীয় সুৰক্ষা

এবছৰৰ অন্তত শান্তিৰ উশাহ, বাতিল কৰা হ’ল তিনিখন কৃষি আইন

প্ৰধানমন্ত্ৰী মোডীয়ে ক্ষমা বিচাৰি কয় যে প্ৰশাসনে "কৃষকৰ এটা অংশক কৃষি আইনৰ বিষয়ে সৈমান কৰাত ব্যৰ্থ হৈছে"

কৃষকৰ মুখত হাঁহি বিৰিঙাই, প্ৰতিবাদী কৃষকক কিছু সকাহ দি অৱশেষত বাতিল কৰা হ’ল কৃষক বিৰোধী তিনিখন কৃষি আইন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ঘোষণা কৰিলে বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ কথা।

২০২০ বৰ্ষৰ ছেপ্টেম্বৰতে সংসদত গৃহীত হৈছিল এই তিনিখন কৃষি আইন। তেতিয়াৰে পৰা ভাৰতৰ ভিন্ন স্থানত এই আইনৰ বিৰোধিতাৰে প্ৰতিবাদত বহিছিল বহু কৃষক। আনকি প্ৰতিবাদত প্ৰাণ হেৰুৱাইছিল কেইবাজনো কৃষকে। কিন্তু এবছৰৰ চিন্তা, দুখ-কষ্টৰ যৱনিকা পেলাই অহা খবৰটো শুনি এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে দেশৰ প্ৰতিজন কৃষকে।

গুৰুপূৰৱ, অৰ্থাৎ গুৰুনানকৰ জন্মবাৰ্ষিকীৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে দিয়া এই সুখবৰে সকাহ দিছে কৃষকসকলক।

প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলৰ ওচৰত ক্ষমা বিচৰাৰ লগতে চলিত মাহৰ সংসদ অধিৱেশনৰ সময়ত বিতৰ্কিত আইন তিনিখন বাতিল কৰাৰ কথা উল্লেখ কৰে।

Farm Protest

প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলক কয় যে চৰকাৰে কৃষকৰ সকলো সমস্যা সমাধানৰ বাবে শীঘ্ৰেই এখন সমিতি গঠন কৰিব।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা আইনকেইখন আছিল-কৃষক উৎপাদন বাণিজ্য আৰু বাণিজ্য (প্ৰচাৰ আৰু সুবিধা) আইন, মূল্য নিশ্চিত আৰু কৃষি সেৱা আইনৰ কৃষক (সশক্তিকৰণ আৰু সুৰক্ষা) চুক্তি, আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন।

Black dAY

আইনকেইনখন গৃহীত হোৱাৰে পৰা ২০২০ চনৰ নৱেম্বৰৰ পৰা পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ হাজাৰ হাজাৰ কৃষকে ৰাজধানী দিল্লীত বাহৰ পাতি “ক’লা আইন” বাতিল কৰিবলৈ আহ্বান জনাই আহিছিল কেন্দ্ৰীয় চৰকাৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 7 =

Back to top button