InternationalInternationalleatest updatenationalPMo indiaআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ মাজত সামৰিক অস্ত্ৰ নিৰ্মাণ, মহাকাশৰ সম্পৰ্কৰ বাবে ৰোডমেপৰ লগতে কেইবাখনো চুক্তি স্বাক্ষৰ

"ৰোডমেপ হৈছে প্ৰতিৰক্ষা-ঔদ্যোগিক খণ্ডত অংশীদাৰিত্বৰ সুযোগ চিনাক্ত কৰা। যিয়ে উন্নয়ন, উৎপাদন আৰু দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাৰ ওপৰত অগ্ৰাধিকাৰ দিয়ে।"

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ ভাৰত ভ্ৰমণৰ সময়তে দুয়োপক্ষই কেইবাখনো চুক্তি চূড়ান্ত কৰে, য’ত এখন প্ৰতিৰক্ষা ঔদ্যোগিক ৰোডমেপৰ লগতে মহাকাশ সম্পৰ্কৰ ওপৰত চুক্তি স্বাক্ষৰিত কৰে। যিয়ে উন্নত সামৰিক সঁজুলিৰ যৌথ উন্নয়ন আৰু নিৰ্মাণৰ সুবিধা প্ৰদান কৰিব। টাটা আৰু এয়াৰবাছে যৌথভাৱে অসামৰিক হেলিকপ্টাৰ উৎপাদনৰ বাবেও চুক্তি হয়।

“ৰোডমেপ হৈছে প্ৰতিৰক্ষা-ঔদ্যোগিক খণ্ডত অংশীদাৰিত্বৰ সুযোগ চিনাক্ত কৰা। যিয়ে উন্নয়ন, উৎপাদন আৰু দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাৰ ওপৰত অগ্ৰাধিকাৰ দিয়ে।” ভাৰত আৰু ফ্ৰান্সৰ প্ৰয়োজনীয়তাসমূহৰ ওপৰতো এই চুক্তিত গুৰুত্ব আৰোপ কৰা হয়।

বৈদেশিক সচিব বিনয় কোৱাট্ৰাই কয় যে, ২০২৬ চনক ‘ভাৰত-ফ্ৰান্স উদ্ভাৱনৰ বছৰ’ হিচাপে উদযাপন কৰা হ’ব। এই চুক্তি সমূহৰ প্ৰথমটো হ’ল ভাৰত-ফ্ৰান্সৰ প্ৰতিৰক্ষা উদ্যোগিক ৰোডমেপ। দ্বিতীয়তে, প্ৰতিৰক্ষা, মহাকাশৰ ওপৰত চুক্তি। তৃতীয়তে, উপগ্ৰহ উৎক্ষেপণৰ সন্দৰ্ভত নিউ স্পেচ ইণ্ডিয়া লিমিটেড আৰু এৰিয়ানস্পেচৰ মাজত বুজাবুজি চুক্তি। বৈদেশিক সচিব বিনয় কোৱাট্ৰাই লগতে কয়।

জয়পুৰত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত মোডী আৰু মেক্ৰ’ৰ লোহিত সাগৰৰ পৰিস্থিতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে য’ত বাণিজ্যিক জাহাজসমূহক লক্ষ্য কৰি অহা হৈছে।

ৰাফেল যুঁজাৰু বিমান আৰু স্ক’ৰপিয়ান চাবমেৰিনৰ চুক্তিৰ বিষয়ে আলোচনা চলি আছে যদিও দুয়োটা পক্ষই আলোচনাত কোনো অগ্ৰগতিৰ কথা কোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 7 =

Back to top button