Covid-19ভাৰত

শিশুৱে পাব ক’ভিড ভেকচিন, শিশুসকলৰ বাবে বিশেষ ভেকচিনৰ কথা ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ…

দেশত দ্ৰুত গতিত বৃদ্ধি পোৱা অ'মিক্ৰণৰ সংক্ৰমণ ৰোধিবৰ বাবে হাস্পতাল, অক্সিজেনযুক্ত বিচনা সাজু কৰি তোলাৰ লগতে ভেকচিন প্ৰদান প্ৰক্ৰিয়াও দ্ৰুত কৰি তোলাৰ কথা উল্লেখ প্ৰধানমন্ত্ৰীৰ।

সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে অ’মিক্ৰণৰ সংক্ৰমণ। অ’মিক্ৰণক ৰোধিবৰ বাবে ভাৰততো লোৱা হৈছে সতৰ্কতামূলক ব্যৱস্থা। শনিবাৰে নিশা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান মোদীৰ।

দেশবাশীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কৰে তিনিটা বিশেষ ঘোষণা। তেখেতে শিশুসকলক ভেকচিন প্ৰদান কৰাৰ ওপৰতো মন্তব্য কৰে। শীঘ্ৰেই দেশৰ ১৫-১৮ বছৰৰ শিশুসকলক প্ৰদান কৰা হ’ব ভেকচিন। অহা ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ভেকচিন প্ৰদান প্ৰক্ৰিয়া।

স্বাস্থ্যকৰ্মী, ফ্ৰণ্টলাইন ৱৰ্কাৰসকলক ১০ জানুৱাৰীৰ পৰা প্ৰদান কৰা হ’ব Precautionary Dose। আনহাতে, ৰোগত আক্ৰান্ত ৬০ৰ উৰ্ধ্বৰ লোকসকলকো চিকিৎসকৰ পৰামৰ্শত প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ।

লগতে নতুন বছৰক আদৰৰাৰ সময়তো দেশবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। দেশত দ্ৰুত গতিত বৃদ্ধি পোৱা অ’মিক্ৰণৰ সংক্ৰমণ ৰোধিবৰ বাবে হাস্পতাল, অক্সিজেনযুক্ত বিচনা সাজু কৰি তোলাৰ লগতে ভেকচিন প্ৰদান প্ৰক্ৰিয়াও দ্ৰুত কৰি তোলাৰ কথা উল্লেখ প্ৰধানমন্ত্ৰীৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.