অসমঅসম আৰক্ষীদুৰ্ঘটনা

দুৰ্ঘটনা নে আত্মহত্যা? ৰে’ল আলিত উদ্ধাৰ মহিলাৰ ক্ষত-বিক্ষত মৃতদেহ…

মাত্ৰ এসপ্তাহৰ পূৰ্বে তেজপুৰৰ মানসিক ৰোগী হাস্পতালৰ পৰা ঘৰলৈ অনা হৈছিল মহিলাগৰাকীক৷ ঘটনাৰ পিছতেই ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত৷

ৰে’লৰ চেপাত দুটুকুৰা এগৰাকী মহিলাৰ শৰীৰ। চতিয়াৰ ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত এই শোকাৱহ ঘটনা। চতিয়াৰ পতিয়া গাঁৱৰ ৰে’ল গেটৰ সমীপত সংঘটিত হয় এই ঘটনা।

শনিবাৰে নিশাই ৰে’লৰ চেপাত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অনুমান কৰিছে স্থানীয় ৰাইজে। মহিলাগৰাকী পহুচোৱা গাঁৱৰ ৰুণুমণি দাস বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। আনফালে, মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া মহিলাগৰাকীক ৰে’ল লাইনলৈ ঘনে-ঘনে অহা-যোৱা কৰা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে। দীৰ্ঘদিন ধৰি মানসিকভাৱে অসুস্থ হৈ আছিল ৰুণুমণি দাস নামৰ মহিলাগৰাকী। মাত্ৰ এসপ্তাহৰ পূৰ্বে তেজপুৰৰ মানসিক ৰোগী হাস্পতালৰ পৰা ঘৰলৈ অনা হৈছিল মহিলাগৰাকীক৷ ঘটনাৰ পিছতেই ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.