Assamleatest updatenationalঅসমদৈনিক বাতৰিভাৰত

দেশৰ সাৰ্বভৌমত্ব আৰু গণতন্ত্ৰৰ প্ৰতীক সংসদ ভৱন আক্ৰমণৰ বুধবাৰে ২৩সংখ্যক বৰ্ষপূৰ্তি

দেশৰ সাৰ্বভৌমত্ব আৰু গণতন্ত্ৰৰ প্ৰতীক সংসদ ভৱন আক্ৰমণৰ বুধবাৰে ২৩সংখ্যক বৰ্ষপূৰ্তি

দেশৰ সাৰ্বভৌমত্ব আৰু গণতন্ত্ৰৰ প্ৰতীক সংসদ ভৱন আক্ৰমণৰ বুধবাৰে ২৩সংখ্যক বৰ্ষপূৰ্তি। ২০০১ চনৰ ১৩ ডিচেম্বৰত পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল গণতন্ত্ৰৰ পীঠস্থান ভাৰতৰ সংসদ ভৱনৰ ওপৰত। এই আক্ৰমণত সন্ত্ৰাসবাদীক প্ৰত্যাহ্বান জনাই বীৰগতি লাভ কৰা সাহসী আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক দেশবাসীয়ে আজি শ্ৰদ্ধাৰে সুঁৱৰিছে।

শ্বহীদ জোৱানসকল সুঁৱৰি সংসদ চৌহদত আয়োজন কৰা হৈছে বিশেষ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ। এই আক্ৰমণতে বীৰগতি লাভ কৰিছিল CRPFৰ মহিলা জোৱান কমলেশ কুমাৰীয়ে। ১৩টা গুলী বুকু পাতি লৈ সন্ত্ৰাসবাদীক প্ৰতিহত কৰিছিল বীৰাংগনাগৰাকীয়ে। মৰণোত্তৰভাৱে অশোক চক্ৰৰে সন্মানিত কৰা হৈছিল কমলেশ কুমাৰীক। এই আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আফজল গুৰুক পিছত ফাঁচীকাঠত ওলোমোৱা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + one =

Back to top button