AssamCity newsCMO Assamleatest updateRegional

নদী পথেৰে উত্তৰ-পূবক শক্তিশালী কৰাৰ লক্ষ্য; পাণ্ডু বন্দৰত ৩০৮ কোটি টকীয়া প্ৰকল্প মুকলি…

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে কেইবাটাও অভিলাষী প্ৰকল্প।

নদী পথেৰে উত্তৰ-পূবক শক্তিশালী কৰাৰ লক্ষ্য। আভ্যন্তৰীণ পৰিবহন খণ্ডৰ উন্নয়নৰ যুগান্তকাৰী প্ৰচেষ্টা। গুৱাহাটীৰ পাণ্ডু বন্দৰত ৩০৮ কোটি টকীয়া প্ৰকল্প মুকলি। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে কেইবাটাও অভিলাষী প্ৰকল্প।

মঙলবাৰে ৪৬.৬০ কোটি টকাৰ বগীবিলত যাত্ৰী-তথা-কাৰ্গো টাৰ্মিনেল, ৬.৯১ কোটি টকাৰ সোনামুৰাৰ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেল, ৬.৪০ কোটি টকাৰ কৰিমগঞ্জৰ–বদৰপুৰ উন্নীত টাৰ্মিনেল উদ্বোধন। অনুষ্ঠানটোত ৮.৪৫ কোটি টকাৰ ব্ৰহ্মপুত্ৰ নদীৰ বিভিন্ন স্থানত ছয়খন জেটি, ৰাষ্ট্ৰীয় জলপথ-২ ৰ বাবে ১৯ খন যাত্ৰীবাহী জাহাজ আৰু ২৫ কোটি টকাৰ ৰাষ্ট্ৰীয় জলপথ ১৬ আৰু ৩০ কোটি টকাৰ জেটি, ইণ্টিগ্ৰেটেড অফিচ আৰু বেংক সুৰক্ষাৰ সম্প্ৰসাৰণৰ কথাও ঘোষণা কৰে কেন্দ্ৰীয় বন্দৰ, জলপথ আৰু জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.