leatest updateঅসমআন্তঃৰাষ্ট্ৰীয়দিল্লীদৈনিক বাতৰিভাৰত

ঐতিহাসিক ক্ষণৰ সাক্ষী বিশ্ববাসী। প্ৰায় ৪০ দিন পিছত চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান-৩য়ে।

চন্দ্ৰপৃষ্ঠত কিহৰ সন্ধান কৰিব চন্দ্ৰযান-৩য়ে?

জোনবাইৰ দেশলৈ যাত্ৰা চন্দ্ৰযান-৩ৰ। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল বিশ্ববাসী। ২.৩৫ত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হল চন্দ্ৰযান-৩ক।

২০১৯ত চন্দ্ৰযান-2ৰ ব্যৰ্থতাৰ পিছত পুনৰ প্ৰয়াস ISROৰ। ৩ বছৰ ১১ মাহ ২৩ দিন পিছত পুনৰ প্ৰয়াস। সতীশ ধাৱান কেন্দ্ৰৰ পৰা LVM3-M4 ৰকেটেৰে উৎক্ষেপণ চন্দ্ৰযান-৩ক। আমেৰিকা, ৰাছিয়া, চীনৰ পিছত ৪ৰ্থ দেশ ভাৰত।

প্ৰায় ৪০ দিন পিছত চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান-৩য়ে। ২৩ অথবা ২৪ আগষ্টত চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান-৩। ১৪ দিনৰ বাবে চন্দ্ৰৰ পৃষ্ঠভূমিত বিচৰণ কৰিব চন্দ্ৰযান-৩এ। চন্দ্ৰযান-৩ অভিযানৰ বাবে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা।

চন্দ্ৰপৃষ্ঠৰ পোলাৰ ৰিজ’নত অৱতৰণ কৰিব চন্দ্ৰযান-৩। কেতিয়াও সূৰ্যৰ পোহৰ নপৰা অঞ্চলত অৱতৰণ কৰিব চন্দ্ৰযান-৩। আনুমানিক -২০০ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাৰ অঞ্চলত এই অভিযান। ২০০৮ চনৰ চন্দ্ৰযান-১ অভিযানে চন্দ্ৰত পানীৰ সংকেত দিছিল। চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱীয় এলেকাৰ ৭০ ডিগ্ৰী অক্ষাংশত চলিব অভিযান। চন্দ্ৰযান-২ৰ দৰেই হ’ব এই অভিযান । অধিক সুৰক্ষাৰ বাবে বৃদ্ধি কৰা হৈছে লেণ্ডিং পৰিসৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button