জাপানভাৰতৰাজনৈতিক

আইৰণ লেডী খ্যাত ৬৪ বছৰীয়া ছানাই টাকাইচি জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী মোদীয়ে জনালে অভিনন্দন

জাপানৰ লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীৰ সভানেত্ৰী ছানাই টাকাইচিক মঙলবাৰে সংসদে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে ৷ দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীত পৰিণত হৈছে আইৰণ লেডী খ্যাত এইগৰাকী মহিলা নেত্ৰী ৷

উচ্চ সদনত তেওঁ ১২৫টা ভোট লাভ কৰে – যিটো সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনতকৈ এটা ভোট বেছি । ইয়াৰ পূৰ্বে তেওঁ নিম্ন সদনত ২৩৭টা ভোট লাভ কৰিছিল, যিটোৱে প্ৰয়োজনীয় ২৩৩টা ভোট অতিক্ৰম কৰিছিল ।

জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা ছানাই টাকাইচিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত কয়, ‘‘ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে আপোনালোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী । ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু ইয়াৰ বাহিৰত শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে আমাৰ গভীৰ সম্পৰ্ক অতি প্ৰয়োজনীয় ।’’

জাপানৰ চৰকাৰী সংবাদ সংস্থাই জনোৱা মতে, সংসদৰ নিম্ন সদনত দিয়া ৪৬৫ টা ভোটৰ ভিতৰত ৬৪ বছৰীয়া টাকাইচিয়ে ২৩৭ টা ভোট লাভ কৰি জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ৷ নতুন প্ৰধানমন্ত্ৰীৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰ ভিতৰত আছে মন্থৰ অৰ্থনীতি আৰু কেলেংকাৰী আৰু আভ্যন্তৰীণ সংঘাতৰ দ্বাৰা জুৰুলা হোৱা শাসকীয় দলটোক একত্ৰিত কৰা ।

নতুন ৰাজনৈতিক অংশীদাৰ বিচাৰি থকা টাকাইচিয়ে নিপ্পন ইশ্বিন নো কাই নামেৰেও পৰিচিত জে আই পিৰ নেতৃত্ব দিয়া ওছাকাৰ গৱৰ্ণৰ হিৰোফুমি যোছিমুৰাৰ সৈতে আনুষ্ঠানিক চুক্তিত স্বাক্ষৰ কৰে ।

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ শিষ্য টাকাইচিয়ে এই পদত আনুষ্ঠানিক নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে পুৱা মন্ত্ৰীসভা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে । জে আই পিৰ সাংসদ যাক নিপ্পন ইছিন নো কাই বুলিও কোৱা হয়, কেবিনেটত অন্তৰ্ভুক্ত হোৱাৰ কোনো সম্ভাৱনা নাই ।

উল্লেখ্য় যে, এই চুক্তিৰ অধীনত জাপানৰ সংসদত সাংসদৰ সংখ্যা ১০ শতাংশ হ্ৰাস কৰা আৰু সামাজিক সুৰক্ষা ব্যৱস্থাৰ সংস্কাৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰৰ ক্ষেত্ৰত দুয়োটা দলে একেলগে কাম কৰিব ।

দলীয় বৈঠকৰ অন্তত সাংবাদিকৰ আগত ফুজিতাই কয়, ‘‘এটাও সতৰ্ক, বিৰোধী বা সমালোচনাত্মক মতামত নাছিল ।’’ মিত্ৰজোঁট শক্তিশালী কৰাৰ বাবে টাকাইচিয়ে জে আই পিৰ সদস্যসকলক কেইবাটাও মন্ত্ৰীপদ আগবঢ়াইছে বুলি জানিব পৰা গৈছে । অৱশ্যে এনে স্থিতি গ্ৰহণ কৰিবলৈ দলটোৱে অনিচ্ছা প্ৰকাশ কৰিছে । জে আই পিৰ প্ৰাক্তন নেতা নোবুয়ুকি বাবাই কয় যে দেওবাৰৰ বৈঠকত দলৰ কোনো সদস্যই টাকাইচিয়ে মন্ত্ৰীসভাত কেবিনেট পদ লোৱাৰ চিন্তাক সমৰ্থন কৰা নাছিল ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.