অভিনয়দুৰ্ঘটনাবলিউডভাৰতমনোৰঞ্জন
Trending

হঠাৎ চিকিৎসালয়ত ভৰ্তি বলীউডৰ বাদশ্বাহ

চিকিৎসকে এমাহৰ বাবে বেড ৰেষ্টত থাকিবলৈ পৰামৰ্শ দিছে অভিনেতাগৰাকীক

হঠাৎ অসুস্থ কিং খান । জানিব পৰামতে আগন্তুক ছবি ‘কিং’ৰ শ্বুটিং কৰি থকা অৱস্থাত পেশীত আঘাতপ্ৰাপ্ত হয়‌‌ অভিনেতা শ্বাহৰুখ খান । চিকিৎসকে এমাহৰ বাবে বেড ৰেষ্টত থাকিবলৈ পৰামৰ্শ দিছে অভিনেতাগৰাকীক ।

ইতিমধ্যে প্ৰাৰম্ভিক চিকিৎসাৰ অন্তত অভিনেতাগৰাকী উন্নত চিকিৎসাৰ বাবে আমেৰিকালৈ ৰাওনা হৈছে ।

অভিনেতাগৰাকীৰ অৱস্থা সুস্থিৰ যদিও অনুৰাগী আৰু পৰিয়ালৰ বাবে অতি দুখৰ বিষয় হৈ পৰিছে। যোৱা কেইবছৰমানৰ পৰা কেইবাবাৰো শ্বুটিং কৰাৰ সময়ত শ্বাহৰুখ খানে পেশীত আঘাত পাইছিল !

জানিব পৰামতে শ্বাহৰুখ খানে সুস্থ হোৱাৰ লগে লগে পুনৰ  আৰম্ভ কৰিব ‘কিং’ৰ শ্বুটিং কিয়নো চিকিৎসকে এতিয়া তেওঁক জিৰণি লৈ সম্পূৰ্ণ সুস্থ হ’বলৈ পৰামৰ্শ দিছে।

‘কিং’ ছবিখন পৰিচালনা কৰিছে সিদ্ধাৰ্থ আনন্দে। যিয়ে ইয়াৰ পূৰ্বে ‘পাথান’ পৰিচালনা কৰিছিল। শ্বাহৰুখ খানৰ পাথান ছবিখনে অনুৰাগীৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল।

পিছে ‘কিং’ ছবিখনৰ এটা বিশেষ উল্লেখযোগ্য দিশ হ’ল শ্বাহৰু‌খ খানে প্ৰথমবাৰৰ বাবে নিজৰ কন্যা চুহানা খানৰ সৈতে একেলগে অভিনয় কৰিব। ছবিখনত দীপিকা পাডুকন,  জয়দীপ আহলাৱত, অনিল কাপুৰ, আৰ্শ্বদ ৱাৰ্ছি, জেকী শ্ৰফকে ধৰি আন‌ বহু তাৰকা অভিনেতা- অভিনেত্ৰীকো দেখা পোৱা যাব। অহা বছৰৰ ঈদৰ সময়ত ছবিখন মুক্তি পোৱাৰ সম্ভাৱনা আছে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.