অভিনয়বলিউডবোলছবি

কিহৰ বাবে ভাইজানক তুলনা কৰিলে আমিৰ খানৰ লগত ?

পৰেশ ৰাৱালে এক সাক্ষাৎকাৰত দুইজন অভিনেতাই কি দৰে নিজ নিজ স্থানত কেনেদৰে জিলিকিছে তাকে লৈ বৰ্ণনা কৰে।

বলিউডৰ আটাইতকৈ পৰিচিত এক নাম পৰেশ ৰাৱাল। যি এইবাৰ বলিউডৰে দুই বিগ ষ্টাৰক লৈ কৰিছে এটা মন্তব্য । তেওঁ ভাইজান খ্যাত ছলমান খান আৰু মিষ্টাৰ perfectionist  খ্যাত আমিৰ খানক তুলনা কৰাৰ লগতে দুজনক লৈ প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। পৰেশ ৰাৱালে এক সাক্ষাৎকাৰত দুইজন অভিনেতাই কি দৰে নিজ নিজ স্থানত কেনেদৰে জিলিকিছে তাকে লৈ বৰ্ণনা কৰে।

তেওঁৰ মতে ছলমান খানে অতি কম সময়ৰ ভিতৰত এটা চৰিত্ৰত সোমাই পৰি তাক বতাহৰ গতিত সম্পাদন কৰে আৰু আনহাতে আমিৰ খানে বছৰত এখন ছবি কৰিলেও সেই চৰিত্ৰ সময় লৈ বিশ্লেষণ কৰি তাক নিখুঁতভাৱে দৰ্শকৰ কাষলৈ লৈ যায়। এয়াই আছিল আমিৰ খান আৰু ছলমান খানক লৈ জ্যেষ্ঠ অভিনেতা পৰেশ ৰাৱালৰ কিছু মন্তব্য !

ইয়াৰ উপৰিও বলিউড প্ৰেমীৰ বাবে ভাল খবৰ।হেৰাফেৰীৰ সেই বিশেষ চৰিত্ৰ- বাবু ভাইক আকৌ  দেখা যাব ৰূপালী পৰ্দাত  । অৰ্থাৎ অক্ষয় কুমাৰ সুনিল ছেত্ৰী আৰু বাবু ভাই খ্যাত পৰেশ ৰাৱাল দৰ্শকে আকৌ দেখিব Hera Pheri 3ত ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.