অপৰাধ

বেশ্যা বৃত্তিত নিয়োজিত কৰাৰ চেষ্টা, বিহাৰত দলবদ্ধ ধৰ্ষণৰ বলি অসমৰ যুৱতী…

আৰক্ষীয়ে বাহনখন ৰখোৱাৰ পিছতেই ততালিকৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকসহ দুজন লোক। কিন্তু আৰক্ষীয়ে এগৰাকী মহিলাসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বিহাৰত দলবদ্ধ ধৰ্ষণৰ বলি অসমৰ যুৱতী। বেশ্যা বৃত্তিত নিয়োজিত কৰাৰ উদ্দেশ্যে অপহৰণ কৰি বিহাৰলৈ লৈ যোৱা হৈছিল অসমৰ যুৱতীগৰাকীক। দেওবাৰে, বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছয় সৰবৰাহকাৰীসহ এগৰাকী যুৱতীক।

সুৰা সৰবৰাহকাৰী এটা দলে অসমৰ পৰা বিহাৰলৈ লৈ গৈছিল যুৱতীগৰাকীক। বেশ্যা বৃত্তিত নিয়োজিত কৰাৰ উদ্দেশ্যে খাগাৰিয়ালৈ লৈ যোৱা যুৱতীগৰাকীক খাগাৰিয়ালৈ যোৱাৰ পথতে বাহনৰ ভিতৰত দলবদ্ধ ধৰ্ষণ কৰে পাঁচ লম্পটে। কিন্তু আধা ৰাস্তাতে বাহাদুৰগঞ্জ আৰক্ষীয়ে তালাচী চলাওঁতে বাহনখনত পাঁচজন পুৰুষ আৰু দুগৰাকী যুৱতীক প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে বাহনখন ৰখোৱাৰ পিছতেই ততালিকৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকসহ দুজন লোক। কিন্তু আৰক্ষীয়ে এগৰাকী মহিলাসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অভিযুক্ত এগৰাকী মহিলাই নিজৰ কাপোৰৰ তলত ভৰাই আনিছিল বিলাতী সুৰাৰ বটল। কিন্তু অসমৰ পৰা লৈ যোৱা ছোৱালীজনীৰ পৰা একো উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল আৰক্ষী।

অভিযুক্ত মহিলাগৰাকীয়ে কয় যে, আগন্তুক হোলীত সুৰা বিক্ৰী কৰি টকা উপাৰ্জন কৰাৰ উদ্দেশ্যে তেওঁলোকে পশ্চিমবংগৰ সুৰযপুৰৰ পৰা সুৰা ক্ৰয় কৰি খাগাৰিয়াত বিক্ৰী কৰিবলৈ লৈ আহিছিল। আনহাতে, অসমৰ ছোৱালীগৰাকীয়ে কয় যে, সুৰযপুৰৰ এখন সুৰাৰ দোকানলৈ প্ৰতাৰণা কৰি লৈ আহিছিল ডালখোলাৰ এজন লোকে। কিন্তু আধা ৰাস্তাতে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে লম্পটকেইটাই।

পৰৱৰ্তী সময়ত স্বাস্থ্য পৰীক্ষাৰ বাবে আৰক্ষীয়ে যুৱতীগৰাকীক প্ৰেৰণ কৰে হাস্পতাললৈ। অভিযুক্তকেইজন হৈছে প্ৰশান্ত কুমাৰ, অংকিত কুমাৰ, ৰাজেশ কুমাৰ, ৰুকমানি দেৱী। অৱশ্যে এতিয়াও পলাতক অৱস্থাত আছে দুজন লোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + sixteen =

Back to top button