আমেৰিকাবিশ্ব
Trending

আমেৰিকা – ইৰাণৰ ১৪দফীয়া খচৰা চুক্তি: জানি লওক মূল বিষয়সমূহ

আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা ১৪দফীয়া খচৰা বুজাবুজি চুক্তিৰ মূল বিষয়বস্তু সংবাদমাধ্যমত প্ৰকাশ পাইছে

আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা ১৪দফীয়া খচৰা বুজাবুজি চুক্তিৰ মূল বিষয়বস্তু সংবাদমাধ্যমত প্ৰকাশ পাইছে (US Iran Peace Deal)। যদিও এই খচৰা এতিয়াও দুয়োখন দেশৰ চৰকাৰে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই,  তথাপি খচৰাখনত মধ্যপ্ৰাচ্যৰ উত্তেজনা হ্ৰাস আৰু পাৰমাণৱিক কাৰ্যসূচীক কেন্দ্ৰ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ দফা সন্নিবিষ্ট কৰা হৈছে (US Iran Draft MoU)।

খচৰা অনুসৰি, আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ী যুদ্ধবিৰতি ঘোষণা কৰিব। এই যুদ্ধবিৰতি লেবাননকে ধৰি সকলো অঞ্চলত প্ৰযোজ্য হ’ব। দুয়ো দেশেই ভৱিষ্যতে পৰস্পৰৰ বিৰুদ্ধে সামৰিক শক্তি ব্যৱহাৰ নকৰাৰ প্ৰতিশ্ৰুতি দিব।

চুক্তি স্বাক্ষৰৰ ৩০ দিনৰ ভিতৰত আমেৰিকাই ইৰাণৰ ওপৰত থকা নৌঅৱৰোধ উঠাই লোৱাৰ লগতে পাৰস্য উপসাগৰত সামৰিক উপস্থিতি হ্ৰাস কৰাৰ কথা উল্লেখ কৰা হৈছে। আনহাতে, ইৰাণে ৩০ দিনৰ ভিতৰত হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজ চলাচল সম্পূৰ্ণৰূপে স্বাভাৱিক কৰাৰ ব্যৱস্থা কৰিব (14 Point US Iran Agreement)।

অৰ্থনৈতিক ক্ষেত্ৰত আমেৰিকা আৰু দেশখনৰ সহযোগীয়ে ইৰাণৰ পুনৰ নিৰ্মাণ আৰু উন্নয়নৰ বাবে ন্যূনতম ৩০০ বিলিয়ন ডলাৰ প্ৰদানৰ প্ৰস্তাৱ ৰাখিছে। লগতে ইৰাণৰ তেল আৰু পেট্ৰ’কেমিকেল ৰপ্তানিৰ ওপৰত থকা বাধা শিথিল কৰা,  জব্দ হৈ থকা সম্পত্তি ক্ৰমান্বয়ে মুকলি কৰা আৰু নতুন নিষেধাজ্ঞা আৰোপ নকৰাৰ বিষয়টোও খচৰাত অন্তৰ্ভুক্ত আছে।

পাৰমাণৱিক বিষয়ত ইৰাণে পুনৰ এবাৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে(US Iran Nuclear Deal)। ইউৰেনিয়াম সমৃদ্ধকৰণ,  মজুত থকা পাৰমাণৱিক সামগ্ৰী আৰু ভৱিষ্যতৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত ৬০ দিনৰ ভিতৰত চূড়ান্ত আলোচনা অনুষ্ঠিত হ’ব। এই সময়ছোৱাত ইৰাণে বৰ্তমানৰ পাৰমাণৱিক কাৰ্যসূচী সম্প্ৰসাৰণ নকৰিব আৰু আমেৰিকাই নতুন নিষেধাজ্ঞা আৰোপ নকৰিব(US Iran Peace Agreement 2026)।

খচৰা চুক্তিখনক চূড়ান্ত চুক্তি হিচাপে ৰূপায়ণৰ বাবে এক নিৰীক্ষণ ব্যৱস্থা গঠন আৰু শেষত চুক্তিখনক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ জৰিয়তে আইনী স্বীকৃতি দিয়াৰ কথাও উল্লেখ আছে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.