অপৰাধঅসমআঞ্চলিক

কাৰাগাৰৰ আলহী হ’ল নিশাৰ মহানগৰত সুৰাৰ ৰাগিত মাতাল হৈ সন্ত্ৰাস চলোৱা মডেল ৰাজকন্যা…

উল্লেখ্য যে, GNRCৰ ICUত মডেল ৰাজকন্যা বৰুৱাক বিশেষ সুবিধা দিয়া ডাঃ নভনীল বৰুৱাকো ইতিমধ্যে সোধ-পোছৰ বাবে আৰক্ষী থানালৈ লৈ যোৱা হয়।  

অৱশেষত ৰঙাঘৰৰ আলহী হ’ল মডেল ৰাজকন্যা বৰুৱা। নিশাৰ মহানগৰত সুৰাৰ ৰাগিত মাতাল যুৱতী ৰাজকন্যা বৰুৱাই কিছুদিন পূৰ্বে গাড়ীৰে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল ৯ জনকৈ শ্ৰমিকক।

ঘটনাৰ দিন ধৰি প্ৰভাৱশালী ব্যক্তিৰ সহায়ৰ সুৰুঙাৰে হাত সাৰি থকা ৰাজকন্যা বৰুৱাক বুধবাৰে GNRCৰ ICUৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ জিম্মাত থকা মডেল ৰাজকন্যাক পৰৱৰ্তী সময়ত প্ৰেৰণ কৰা হয় ন্যায়িক জিম্মালৈ।

আজিৰে পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ’ল ৰাজকন্যা বৰুৱা। কাৰাগাৰত অন্য অপৰাধীৰ দৰেই থাকিব লাগিব ৰাজকন্যা। ১৪ দিনৰ বাবে ৰঙাঘৰৰ আলহী হ’ল বিতৰ্কিত মডেল গৰাকী। কাৰাগাৰত থকা দিনকেইটাত কোনোধৰণৰ বিশেষ সুবিধা লাভ নকৰে ৰাজকন্যা বৰুৱাই। ৰাজকন্যাক কাৰাগাৰত ভিআইপি আতিথ্য নিদিবলৈ নিৰ্দেশ দিছে CJM আদালতে।

উল্লেখ্য যে, GNRCৰ ICUত মডেল ৰাজকন্যা বৰুৱাক বিশেষ সুবিধা দিয়া ডাঃ নভনীল বৰুৱাকো ইতিমধ্যে সোধ-পোছৰ বাবে আৰক্ষী থানালৈ লৈ যোৱা হয়। দিছপুৰ আক্ষী থানাতে অব্যাহত ৰখা হৈছে জেৰা। শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যাক সহায় কৰা নভনীল বৰুৱা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.