Socialঅপৰাধ

জটিল ৰোগেই হ’ল কাল! ৰোগৰ ওচৰত হাৰ মানি চিপজৰী লগাই আত্মহত্যা এজন লোকৰ…

শুকুৰবাৰে দুপৰীয়া ভাগত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় নিৰুদ দাসৰ নিথৰ দেহ

গুৱাহাটীৰ মাছখোৱাত অঘটন।  নিয়তিৰ ওচৰত হাৰ মানি আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’লে মাছখোৱাৰ নিৰুদ দাস নামৰ এজন লোকে।

নিজ গৃহতে আত্মহত্যা কৰে নিৰুদ দাস নামৰ লোকজনে। শুকুৰবাৰে দুপৰীয়া ভাগত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় নিৰুদ দাসৰ নিথৰ দেহ। পত্নী জেউতি দাসে প্ৰত্যক্ষ কৰে স্বামীৰ মৃতদেহটো।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল নিৰুদ দাস। ৰোগৰ বাবে মানসিকভাৱে ভাগি পৰিছিল মাছখোৱাৰ নিবাসীজন। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৪৯ বছৰ।

মৃত্যুৰ ওচৰত হাৰ মানি গুচি গ’ল নিৰুদ দাস। নিৰুদ দাসৰ আকস্মিক বিয়োগত এতিয়া শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ। তেখেতৰ মৃত্যুৱে অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.