অসম

অম্বুবাচী মেলাৰ পূৰ্বে যানবাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা, মহানগৰীৰ এই পথেৰে বন্ধ হ’ব বাহনৰ চলাচল…

অম্বুবাচী মেলাৰ সময়ত গাড়ী, অত্যাৱশ্যকীয় সেৱাৰ সৈতে সম্পৰ্কিত বাহন, কামাখ্যা মন্দিৰৰ বাহন, জিলা প্ৰশাসনৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত স্থানীয় বাসিন্দাৰ বাহিৰে মন্দিৰ অভিমুখে কোনো বাহন প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব

২২ জুনৰ পৰা আৰম্ভ হ’ব মহা অম্বুবাচী মেলা। মেলাৰ পূৰ্বে গুৰুত্বপূৰ্ণ ঘোষণা কামৰূপ জিলা উপায়ুক্তৰ। ৰাইজৰ সুবিধা তথা সুৰক্ষাৰ অৰ্থে জাৰি কৰিছে বিশেষ নীতি-নিয়ম।

 

অম্বুবাচীৰ সময়ছোৱাত যান-বাহনৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি গুৱাহাটী জিলাৰ যানবাহন আৰক্ষীয়ে জাৰি কৰিছে বিশেষ নীতি-নিৰ্দেশনা। বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ দৰে জৰুৰীকালীন বাহনসমূহক বিনামূলীয়া কৈ যাবলৈ নিৰ্দেশনা জাৰি প্ৰশাসনৰ।

২৬ জুনলৈকে অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলাৰ নিৰ্দেশনাসমূহ হ’লঃ

 

১) অম্বুবাচী মেলাৰ সময়ত গাড়ী, অত্যাৱশ্যকীয় সেৱাৰ সৈতে সম্পৰ্কিত বাহন, কামাখ্যা মন্দিৰৰ বাহন, জিলা প্ৰশাসনৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত স্থানীয় বাসিন্দাৰ বাহিৰে মন্দিৰ অভিমুখে কোনো বাহন প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব।

 

২) কোনো আন্তঃজিলা আৰু দূৰণিবটীয়া বাছ (ASTCৰ বাছো অন্তৰ্ভুক্ত হ’ব)ডিজি ৰোড, এমজি ৰোড আৰু টিআৰ ফুকন ৰোডত চলাচল কৰিব নোৱাৰিব।

 

৩) গধুৰ, মজলীয়া আৰু সৰু বাণিজ্যিক বাহন ডিজি ৰোড আৰু এমজি ৰোডত চলাচল কৰিবলৈ অনুমতি দিয়া নহ’ব। অৱশ্যে, বাহন কঢ়িওৱা তিনিচকীয়া বাণিজ্যিক সামগ্ৰীবোৰ কেৱল মাজনিশা ১২বজাৰ পৰা পুৱা ৬বজালৈ চলাচল কৰিবলৈ অনুমতি দিয়া হ’ব।

 

৪) ভৰলুমুখৰ পৰা কামাখ্যা গেট অভিমুখে অহা বাহনসমূহে ভক্তসকলক কামাখ্যা গেটৰ ওচৰত নমাই আদাবাৰীৰ ফালে আগবাঢ়িব আৰু বৰিপাৰা বা আদাবাৰী বাছ ষ্টেণ্ডত পাৰ্ক কৰিব।

 

৫) মালিগাঁৱৰ ফালৰ পৰা কামাখ্যা গেট অভিমুখে অহা বাহনসমূহে ভক্তসকলক কামাখ্যা গেটৰ ওচৰত নমাই ভৰালুমুখৰ ফালে যাব আৰু বাহনসমূহ সোণাৰাম খেল পথাৰত ৰখাব।

 

৬) পাণ্ডু মন্দিৰ ঘাটৰ পৰা কামাখ্যা ত্ৰিনাথ মন্দিৰলৈ নতুনকৈ নিৰ্মাণ কৰা পথত কোনো বাহন চলাচল কৰিবলৈ অনুমতি দিয়া নহ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.