দুৰ্ঘটনাদৈনিক বাতৰি

পাটনা–দিল্লী স্পাইচজেটত বিমানত জুইৰ সুত্ৰপাত!

জৰুৰী অৱতৰণ কৰিবলগীয়া হয় বিমানখনে

দেওবাৰে পাটনা–দিল্লী অভিমুখী স্পাইচজেটৰ এখন বিমান জৰুৰী অৱতৰণ কৰিবলগীয়া হয়। ৰিপ’ৰ্ট অনুসৰি ইঞ্জিনত জুই লগাৰ ফলত জৰুৰী অৱতৰণ কৰিবলগীয়া হয় বিমানখনে।

অৱশ্যে বিমানৰ ইঞ্জিনত জুই লগাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

বিমানখনত থকা ১৮০গৰাকী যাত্ৰী সম্পূৰ্ণ নিৰাপদে অৱতৰণ কৰা বুলি জানিব পৰা গৈছে।

পাটনাৰ ডিএম চন্দ্ৰশেখৰ সিঙে কয়, ‘‘দিল্লী অভিমুখী বিমানখন পাটনালৈ ঘূৰি আহিবলৈ বাধ্য হয়। স্থানীয় লোকে বিমানত জুই প্ৰত্যক্ষ কৰে। স্থানীয় লোকে ডিএম আৰু বিমানবন্দৰৰ বিষয়াক এই খবৰ জনায়। বিমানত থকা সকলো যাত্ৰীকে নমাই অনা হয়। জুই লগাৰ কাৰণ যান্ত্ৰিক বিজুতি হ’ব পাৰে।’’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.