শ্ৰেণীবিহীন

মনোজ বাজপেয়ীৰ সৈতে ‘Dial 100’ত দেখা যাব অসম কন্যা উৰ্মিলাক

অভিনয়ৰে বলীউডত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ উৰ্মিলা মহন্তই

অভিনয়ৰে বলীউডত নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অসমৰ উৰ্মিলা মহন্তক এইবাৰ বলীউডৰ জনপ্ৰিয় অভিনেতা মনোজ বাজপেয়ীৰ সৈতে একেখন স্ক্ৰীণতে দেখিবলে পোৱা যাব।

ৰেঞ্চিল ডি’চিলভা পৰিচালিত ছবি ‘ Dial 100’ত অভিনয় কৰিব সুদক্ষা অভিনেত্ৰী তথা অসম কন্যা উৰ্মিলাই। টুইটযোগে এই কথা জনাইছে উৰ্মিলা মহন্তই।

টুইটটোত উৰ্মিলাই তেওঁ উল্লেখ কৰিছে যে, তেওঁ এই প্ৰকল্পটোৰ অংশ হ’বলৈ পাই বহুত সুখী। ছবিখনত কাম কৰাৰ সুযোগ দিয়াৰ বাবে তেওঁ ৰেঞ্চিল ডি’চিলভাক ধন্যবাদ জ্ঞাপন কৰে। লগতে মনোজ বাজপেয়ী, নীনা গুপ্তা, সাক্ষী তানৱাৰকো কৃতজ্ঞতা জ্ঞাপন কৰে উৰ্মিলাই। অহা ৬ আগষ্টৰ পৰা ডিজিটেল প্লেটফৰ্ম জি-৫(Zee5)ত প্ৰদৰ্শিত হ’ব ছবিখন।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − six =

Back to top button