জীৱনশৈলীস্বাস্থ্য

সুস্থ যৌন জীৱন উপভোগ কৰিব পৰা নাই নেকি? তেন্তে আপুনি জানিব লগীয়া…

আপুনি জানি আচৰিত হ'ব যে, আমাৰ সমাজৰ শতকৰা ১২ৰ পৰা ১৫ জন লোকে তীব্ৰ যৌন সমস্যাত ভূগে

যৌন শক্তি জীৱনৰ এক পৰম সুখ। সুস্থ জীৱন-যাপনৰ বাবে সফল যৌন সন্তুষ্টিৰ অতি প্ৰয়োজন। যৌন অসন্তুষ্টি বিভিন্ন ৰোগ ব্যাধিৰ কাৰক হ’ব পাৰে, যেনে- মানসিক অৱসাদ, হতাশা, অযথা ভয়, শংকা আৰু সংশয়, সন্দেহ আৰু মানসিক ব্যাধি। বিফল যৌন জীৱনে ব্যক্তিৰ সামাজিক আৰু বৈবাহিক জীৱনো অসুস্থ কৰে।

কিন্তু আপুনি জানি আচৰিত হ’ব যে, আমাৰ সমাজৰ শতকৰা ১২ৰ পৰা ১৫ জন লোকে তীব্ৰ যৌন সমস্যাত ভূগে। কিন্তু বহুতে লাজ আৰু সামাজিক কাৰণত লঘু-লাঞ্চিত হোৱাৰ আশংকাত নিজৰ দুৰ্বলতা লুকুৱাই ৰাখে।

বহুতো দম্পতীয়ে যৌন অক্ষমতাৰ ফলত প্ৰচণ্ড মানসিক অন্তদ্বৰ্ন্দ্বত ভূগি সমগ্ৰ জীৱনটো নীৰৱে পাৰ কৰি দিয়ে। অথচ ডাক্তৰৰ ওচৰলৈ গৈ সমস্যাটোৰ বিষয়ে পৰামৰ্শ লোৱাৰ প্ৰয়োজনীয়তাও অনুভৱ নকৰে। আজিকালি পুৰুষ আৰু নাৰী উভয়ৰে যৌন দুৰ্বলতা নিৰাময়ৰ বাবে বিভিন্ন চিকিৎসা পদ্ধতি আৰু উৎকৃষ্ট ঔষধ আদি উদ্ভাৱন হৈছে। লজ্জা পৰিহাৰ কৰি নিজস্ব সমস্যাবিলাক মুকলিকৈ চিকিৎসকৰ লগত আলোচনা কৰিলে এনেধৰণৰ যৌন দুৰ্বলতা বা যৌন অক্ষমতাৰ সমাধান সূত্ৰ নিশ্চয় ওলাব আৰু অসন্তুষ্ট দম্পতিৰ মানসিক অশান্তি নিশ্চয় দূৰ হ’ব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.