আন্তঃৰাষ্ট্ৰীয়

মোদীৰ আমন্ত্ৰণ ৰক্ষা কৰি ১৯৯৯ চনৰ পিছত ভাৰতলৈ আহিব ভেটিকান চিটীৰ কেথলিক ধৰ্মযাজক

বৈঠকৰ সময়তে ধৰ্মযাজক ফ্ৰান্সিচক ভাৰতলৈও আমন্ত্ৰণ জনায় মোদীয়ে। ৰোমৰ তথ্য অনুসৰি, মোদীৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাৰতলৈ অহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পোপ ফ্ৰান্সিচে।

ভেটিকান চিটীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শনিবাৰে, ভেটিকান চিটীত পোপ ফ্ৰান্সিছক সাক্ষাৎ কৰে মোদীয়ে।

ৰোমান কেথলিক চাৰ্চৰ মুৰব্বীগৰাকীক ভাৰতলৈ আমন্ত্ৰণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে। দুয়োৰে মাজত হোৱা বৈঠকৰ সময়ত ক’ভিড-১৯এ জুৰুলা কৰা বিশ্বৰ ভৱিষ্যত আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰতো আলোচনা কৰে দুয়োগৰাকী নেতাই।

মোদীৰ আমন্ত্ৰণ ৰক্ষা কৰি ১৯৯৯ চনৰ পিছত ভাৰতলৈ আহিব ভেটিকান চিটীৰ কেথলিক ধৰ্মযাজক

যদিও নেতা দুগৰাকীৰ মাজত হ’বলগীয়া বৈঠকৰ সময় ২০ মিনিট ধাৰ্য কৰা হৈছিল, তথাপি এই বৈঠক এঘন্টাতকৈ অধিক সময় ধৰি চলে।

মোদীৰ আমন্ত্ৰণ ৰক্ষা কৰি ১৯৯৯ চনৰ পিছত ভাৰতলৈ আহিব ভেটিকান চিটীৰ কেথলিক ধৰ্মযাজক

বৈঠকৰ সময়তে ধৰ্মযাজক ফ্ৰান্সিচক ভাৰতলৈও আমন্ত্ৰণ জনায় মোদীয়ে। ৰোমৰ তথ্য অনুসৰি, মোদীৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাৰতলৈ অহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পোপ ফ্ৰান্সিচে।

মোদীৰ আমন্ত্ৰণ ৰক্ষা কৰি ১৯৯৯ চনৰ পিছত ভাৰতলৈ আহিব ভেটিকান চিটীৰ কেথলিক ধৰ্মযাজক

উল্লেখ্য যে, মোদীৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভেটিকান চিটীৰ ধৰ্মযাযক ভাৰতলৈ আহিলে এয়া হ’ব ১৯৯৯ চনৰ পিছত কোনো ধৰ্মযাজকৰ প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণ। অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰীত্বৰ কালতেই ভাৰতলৈ শেষবাৰৰ বাবে আহিছিল কেথলিক ধৰ্মযাজক। ভাৰতলৈ অহা অন্তিমজন ধৰ্মযাজক আছিল জন পৌল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + six =

Back to top button