বলিউডমনোৰঞ্জন

মাজৰাতি ৰাজপথত কি কৰিছে কিং খানে!

সামাজিক মাধ্যমত ভাইৰেল শ্বাহৰুখ খানৰ ভিডিঅ’

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ছুপাৰষ্টাৰ শ্বাহৰুখ খানে বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা ভিডিঅ’। ‘পাঠান’ৰ গীত ‘বেছাৰাম ৰং’ মুক্তিৰ পূৰ্বে বৈষ্ণো দেৱী মন্দিৰত আশীৰ্বাদ বিচাৰি নিশা বৈষ্ণো দেৱী মন্দিৰলৈ গৈছিল অভিনেতাজন। শ্বাহৰুখৰ এই ভিডিঅ’টোত দেখা গৈছে আৰক্ষী বিষয়াই ঘেৰি ধৰি গভীৰ নিশা মন্দিৰলৈ লৈ গৈছে শ্বাহৰুখক। মানুহে যাতে তেওঁক চিনি নাপায় তাৰ বাবে তেওঁ সম্পূৰ্ণ ক’লা ৰঙৰ সাজ-পোছাক পিন্ধিছিল।

 

 

সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ‘পাঠান’ত শ্বাহৰুখ খানৰ উপৰিও অভিনয় কৰিছে দীপিকা পাডুকন আৰু জন আব্ৰাহামে। ইয়াৰ পূৰ্বে শ্বাহৰুখে ছৌদি আৰৱত নিজৰ ছবি ‘ডাংকি’ৰ শ্বুটিং সূচী সমাপ্ত কৰি মক্কাত ওমৰাহ পৰিৱেশন কৰিছিল।জকুমাৰ হিৰাণীৰ পৰিচালনাত নিৰ্মিত ‘ডাংকি’ শ্বাহৰুখ আৰু পৰিচালকৰ প্ৰথম সহযোগিতা। কামৰ ফালৰ পৰা ‘পাথান’ হ’ব শ্বাহৰুখ খানৰ ২০২৩ চনৰ প্ৰথমখন মুক্তি। তাৰ পিছত তেওঁক দেখা যাব জৱান আৰু ডাংকিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.