Assamleatest update

সংবাদমাধ্যম আৰু জাতীয় সংগঠনক দুৰ্ব্যৱহাৰ কৰা বনবিষয়াক নিলম্বন।

অশালীনতাৰে মাৰপিটৰ বাবে উদ্যত হোৱাৰো অভিযোগ বৰ্মনৰ বিৰুদ্ধে

সৰুপথাৰৰ উৰিয়ামঘাটত নিলম্বন বনবিষয়াক। নিলম্বিত বনবিষয়াজনৰ নাম কুলদ্বীপ বৰ্মন। সাংবাদিক আৰু জাতীয় সংগঠনক দুৰ্ব্যৱহাৰৰ অভিযোগ কুলদ্বীপৰ বিৰুদ্ধে। অশালীনতাৰে মাৰপিটৰ বাবে উদ্যত হোৱাৰো অভিযোগ বৰ্মনৰ বিৰুদ্ধে। সৰুপথাৰত জৰীপ চলাই থকা মাজতে সংঘটিত হয় এই ঘটনা।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতেই উৰিয়ামঘাট সীমান্তত জৰীপ চলাই থকা বনবিভাগৰ কুলদ্বীপ বৰ্মন নামৰ এজন বিষয়াই অশালীন শব্দ ব্যৱহাৰ কৰি সংবাদমাধ্যম আৰু জাতীয় সংগঠনক দুৰ্ব্যৱহাৰ কৰিছিল। চুতীয়া ছাত্ৰ সন্থাৰ সদস্যক মাৰপিট কৰিবলৈও উদ্যত হৈছিল বনবিষয়াজন। গোলাঘাট জিলাৰ অন্তৰ্গত জামুগুৰি খণ্ড উন্নয়ণ বিষয়া হিচাপে দায়িত্বত আছিল কুলদ্বীপ বৰ্মন। জৰীপ চলি থকাৰ ভিডিঅ’ গ্ৰহণ কৰাক কেন্দ্ৰ কৰি সংবাদ মাধ্যম আৰু চুতীয়া ছাত্ৰ সন্থাৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় বিষয়াজন।

কেৱল সিমানতে ক্ষান্ত নাথাকি বিষয়াজনে সংগঠনৰ সদস্যজনক মাৰপিট কৰিবলৈও আগবাঢ়ি যায়। পূৰ্বেও বকিয়াল খণ্ড বনবিষয়া হিচাপে কৰ্মৰত অৱস্থাত শিলবালি বেপাৰীৰ সৈতে গোপন মিতিৰালিৰ বাবে শাস্তিমূলক বদলিৰ সন্মুখীন হৈছিল কুলদ্বীপ বৰ্মন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.