অভিনয়অসমগুৱাহাটীবিশ্ববোলছবিভাৰতশিল্পীসংগীতসংস্কৃতি

সৰ্বকালৰ অভিলেখ ভংগ কৰি শীৰ্ষত ‘ৰৈ ৰৈ বিনালে

অসমত দেখা গʼল পূৰ্বে কাহানিও নেদেখা পৰিৱেশ

অসমীয়া ছবিৰ যুগান্তকাৰী যাত্ৰাৰ সৰ্বকালৰ অভিলেখ ৰচিলে জুবিন গাৰ্গৰ ১৯ বছৰীয়া সাধনাৰ সপোনৰ প্ৰকল্পই । অসমীয়া ছবিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এদিনতে প্ৰায় ৮০০ টা প্ৰদৰ্শনী হ’ল সংগীতৰ মহানায়কৰ জীৱনৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ ।

গুৱাহাটী মহানগৰীৰ ৩৬ খন স্ক্ৰীনত সুকলমে প্ৰদৰ্শিত হ’ল ২৫০ টা দৰ্শনী ৷ শুকুৰবাৰে পুৱা ৪.২৫ বজাত মহানগৰীৰ মেট্ৰিক্স ছবিগৃহত আৰম্ভ হয় প্ৰথমটো দৰ্শনী । সৰ্বকালৰ অভিলেখ ভংগ কৰি পুৱতি নিশা প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ছবিগৃহত প্ৰদৰ্শিত হ’ল ছবিখন । ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে প্ৰথমবাৰৰ অন্য ছবি প্ৰদৰ্শন নকৰালৈ একমাত্ৰ প্ৰদৰ্শন কৰা হ’ল ‘ৰৈ ৰৈ বিনালে’। সমান্তৰালভাৱে সমগ্ৰ দেশজুৰি ১৮৬ টা ছবিগৃহত প্ৰদৰ্শিত হ’ল প্ৰাণৰ শিল্পীগৰাকীৰ ছবিখন । এই ছবিখনে গঢ়িলে আন এক অভিলেখ । ইয়াৰ পূৰ্বে অন্য কোনো অসমীয়া ছবি এনেদৰে ৰাজ্যৰ বাহিৰত প্ৰদৰ্শিত হোৱা নাছিল ।

চলচ্চিত্ৰ বিতৰক সংস্থা UFO ৰ পূব মণ্ডলৰ মূৰব্বী সৌৰভ দত্তই এই সন্দৰ্ভত কয়, “আজি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৯২ টা ছবিগৃহত মুক্তিলাভ কৰিছে ছবিখনে । ইয়াৰে ৮০ টা ছবিগৃহ অসমৰ । আনহাতে দেশৰ অন্যান্য ৰাজ্যসমূহৰ ভিতৰত ৯৪ টা ছবিগৃহত মুক্তিলাভ কৰিছে ছবিখনে । ইফালে, অসমৰ ১০০ খন স্ক্ৰীনত আৰু উত্তৰ-পূৱৰ ১৫ খন স্ক্ৰীনত প্ৰদৰ্শন হৈছে ছবিখন । দেশৰ অন্যান্য ৰাজ্যসমূহত ৯৪ খন স্ক্ৰীনত মুক্তিলাভ কৰিছে ছবিখনে ।” সমগ্ৰ দেশজুৰি আজিৰ দিনটোত প্ৰায় ৮০০ টা প্ৰদৰ্শনী হৈছে ছবিখনৰ । ইয়াৰে প্ৰায় ৬০০ প্ৰদৰ্শনী উত্তৰ-পূৰ্বাঞ্চলত হৈছে । ৰাজ্যৰ ভিতৰত গুৱাহাটী মহানগৰীত সৰ্বাধিক প্ৰদৰ্শনী হৈছে ছবিখনৰ । মুক্তিৰ দিনটোৰ গুৱাহাটী মহানগৰীৰ ১৪ টা ছবিগৃহত ৩৬ টা স্ক্ৰীনত ছবিখন প্ৰদৰ্শন কৰা হয় । গুৱাহাটীৰ পাছতে তেজপুৰত সৰ্বাধিক প্ৰদৰ্শনী হয় ।

আনহাতে সমগ্ৰ দেশৰ ভিতৰত গুৱাহাটীৰ পাছতে বেংগালুৰুত প্ৰদৰ্শিত হয় ঈশ্বৰপুত্ৰৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ । বেংগালুৰুৰ প্ৰায় ১১ খন স্ক্ৰীনত প্ৰদৰ্শিত হয় এই ছবিখন । সমান্তৰালভাৱে মুম্বাইৰ প্ৰায় ১৩ খন স্ক্ৰীন, কলকাতাত ১০ খন স্ক্ৰীন, পুণেত ৫, হায়দৰাবাদত ৪ আৰু চেন্নাইৰ ৩ খন স্ক্ৰীনত প্ৰদৰ্শিত হৈছে ছবিখন ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 7 =

Back to top button