Internationalleatest updatenatural disaster
নৱবৰ্ষৰ পহিলা দিনটোতে জাপানত ৭.৫ প্ৰাৱল্যত ভূমিকম্পৰ জোকাৰণি
বৰ্তমান লৈকে ১৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে...

নৱবৰ্ষৰ পহিলা দিনটোতে জাপানত শক্তিশালী ভূমিকম্প। জাপানৰ ইছিকাৱাত ৭.৫ প্ৰাৱল্যত ভূমিকম্পৰ জোকাৰণি। ভূমিকম্প হৈ যোৱাৰ পিছতো সৰু সৰু কম্পনেৰে একাধিক ভূমিকম্পৰ অনুভূত হয়। সোমবাৰে হৈ যোৱা ভূমিকম্পত মঙলবাৰলৈ ১৩ জন লোক মৃত্যু হোৱা বুলি জানিব পৰা গৈছে যদিও এতিয়ালৈ শতাধিক লোক আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে।
উল্লেখ্য যে, এই ভূমিকম্পৰ পিছত জাপনত ছুনামিৰ এলাৰ্ট জাৰি কৰা হৈছিল যদিও বৰ্তমান এই খবৰ পৰিহাৰ কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাই জনোৱা মতে ভূমিকম্পৰ ফলত দেশখনত যথেষ্ট ক্ষতিসাধন হৈছে।