অসমআঞ্চলিকদৈনিক বাতৰি

ভেকচিন নোলোৱাকৈ অফিচলৈ নাযাব, ভেকচিন নল’লে কৰ্তন কৰা হ’ব দৰমহা

চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ সকলোৱে ভেকচিন লোৱাটো সোমবাৰৰ ভিতৰত নিশ্চিত কৰিব লাগিব।

খানাপাৰা ষ্টাফ কলেজত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল। ভেকচিন লোৱাৰ ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে বহুকেইটা নিয়ম।

চৰকাৰী কৰ্মচাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক। চৰকাৰী কৰ্মচাৰীয়ে যদি ভেকচিন নোলোৱাকৈ অফিচলৈ আহে, তেন্তে তেওঁলোকক শাস্তি প্ৰদান কৰা হ’ব। যদি ভেকচিন নোলোৱাৰ বাবে অফিচ আহিব নোৱাৰাৰ অজুহাত দেখুৱাই তেনেহ’লে কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰাৰ লগতে শাস্তি বিহা হ’ব।

চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ সকলোৱে ভেকচিন লোৱাটো সোমবাৰৰ ভিতৰত নিশ্চিত কৰিব লাগিব। ভিজিলেন্সৰ বাবে প্ৰত্যেকজন উপায়ুক্তক দায়িত্ব দিয়া হৈছে।

আনহাতে, ভেকচিন নোলোৱাকৈ খুলিব নোৱাৰিব দোকান। ভেকচিন নোলোৱাকৈ দোকান খুলিলে উপায়ুক্তই SEAL কৰিব দোকান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.