আন্তঃৰাষ্ট্ৰীয়খেল

পেৰা অলিম্পিকত জিলিকিছে ভাৰত পুত্ৰ, পুনৰ ভাৰতলৈ আহিল স্বৰ্ণ

১৯ বছৰীয়া নৰৱালে পুৰুষৰ ৫০ মিটাৰ এয়াৰ পিষ্টল SH1 ইভেন্টত স্বৰ্ণ জয়ৰে ভাৰতলৈ কঢ়িয়াই আনিছে গৌৰৱ

টকিঅ’ত অব্যাহত ভাৰতীয় খেলুৱৈৰ পদক জয়ৰ দৌৰ। টকিঅ’ত ভাৰতীয় খেলুৱৈয়ে জয় কৰিছে এটাৰ পিছত আনটো পদক।

শ্বুটাৰ মনীষ নৰৱালে পেৰা অলিম্পিকত ভাৰতৰ হৈ তৃতীয়টো স্বৰ্ণ দখল কৰিবলৈ সক্ষম হৈছে। ১৯ বছৰীয়া নৰৱালে পুৰুষৰ ৫০ মিটাৰ এয়াৰ পিষ্টল SH1 ইভেন্টত স্বৰ্ণ জয়ৰে ভাৰতলৈ কঢ়িয়াই আনিছে গৌৰৱ।

শ্বুটিঙৰ P4-মিক্সড ৫০ মিটাৰ পিষ্টল SH1 ফাইনেলত মনীষ নৰৱালে স্বৰ্ণ পোৱাৰ সমান্তৰালকৈ সিংৰাজ আধানাই ৰূপ জয় কৰিবলৈ সক্ষম হয়। ১৯ বছৰীয়া খেলুৱৈগৰাকীয়ে ২১৮.২ পইন্ট দখলেৰে পেৰা অলিম্পিকত ৰেক’ৰ্ড গঢ়িবলৈ সক্ষম হয়। আনহাতে, সিংৰাজে ২১৬.৭ পইন্টৰে ৰূপ জয় কৰিবলৈ সক্ষম হয়।

দুয়োগৰাকী খেলুৱৈৰ সফলতাত উৎফুল্লিত হৈ পৰিছে ভাৰতবাসী। পেৰা অলিম্পিকত ভাৰতৰ সুন্দৰ প্ৰদৰ্শনক শলাগিছে সকলোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.