leatest updateSocialঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰি

ৰাজ্যত প্ৰযোজ্য হোৱা নাই বাল্য বিবাহ প্ৰতিৰোধ আইন।

শেহতীয়াকৈ বাল্য বিবাহৰ প্ৰায় ৬ হাজাৰ গোচৰত ৪ হাজাৰৰো অধিকক কৰা হৈছে গ্ৰেপ্তাৰ।

ৰাজ্যত প্ৰযোজ্য হোৱা নাই বাল্য বিবাহ প্ৰতিৰোধ আইন। উচ্চ ন্যায়ালয়ত তথ্য দিব নোৱাৰিলে চৰকাৰী অধিবক্তাই। কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰিছিল বাল্য বিবাহ প্ৰতিৰোধ আইন। আইন প্ৰণয়নৰ বাবে ৰাজ্যৰ নামত দিব লাগে গেজেট নটিফিকেচন। অসমত আজিলৈ দিয়া হোৱা নাই গেজেট নটিফিকেচন!আদালতত তথ্য দিব নোৱাৰিলে চৰকাৰী অধিবক্তাই।

মুছলিম বিবাহ পঞ্জীয়কৰ এক গোচৰত পোহৰলৈ আহিছিল এই তথ্য।অনুজ্ঞাপত্ৰ বাতিলৰ গোচৰত পোহৰলৈ আহিছে এই তথ্য। মুছলিম বিবাহ আইন ১৯৩৬ৰ অধীনত পঞ্জীয়ন হৈছিল নাবালকৰ বিবাহ। মুছলিম পঞ্জীয়কৰ বিবাহ পঞ্জীয়ন বাতিলৰ বিৰুদ্ধে আছিল গোচৰ।

উল্লেখ্য যে পঞ্জীয়কগৰাকীয়ে মুছলিম বিবাহ আইন ১৯৩৬ৰ অধীনত এগৰাকী নাবালকৰ বিবাহ পঞ্জীয়ন কৰিছিল যদিও ২০০৬ চনৰ বাল্যবিবাহ প্ৰতিৰোধ আইনৰ অধীনত মুছলিম কাজীগৰাকীৰ পঞ্জীয়ন বাতিল হ’ব লাগে। অসমত বাল্য বিবাহ আইন প্ৰযোজ্য হোৱাৰ ক্ষেত্ৰত তথ্য দিবলৈ ব্যৰ্থ হয় চৰকাৰী অধিবক্তাই। যদিহে ২০০৬ৰ আইনখন প্ৰণয়নৰ জাননী নাই হোৱা তেন্তে শলঠেকত পৰিব পাৰে ৰাজ্য চৰকাৰ।

শেহতীয়াকৈ বাল্য বিবাহৰ প্ৰায় ৬ হাজাৰ গোচৰত ৪ হাজাৰৰো অধিকক কৰা হৈছে গ্ৰেপ্তাৰ। এনে পৰিস্থিতিত সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.