Covid-19Socialঅসম

কি ঘোষণা কৰা হ’ল নতুন SOPত? সান্ধ্য আইনৰ ক্ষেত্ৰত কি ঘোষণা কৰিলে চৰকাৰে?

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁও জিলা চিকিৎসালয়ত আজি আয়োজিত এক সংবাদ মেলত ঘোষণা কৰে এই নতুন SOP।

Story Highlights
  • New SOP
  • Assam Government
  • Keshab Mahanta on New SOP

ৰাজ্যত ঘোষণা কৰা হ’ল নতুন SOP। ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি কিছু পৰিমাণে উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজি নতুন SOPৰ নিয়মাৱলী জাৰি কৰিছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁও জিলা চিকিৎসালয়ত আজি আয়োজিত এক সংবাদ মেলত ঘোষণা কৰে এই নতুন SOP। সান্ধ্য আইন আৰু আন্তঃ জিলা যাতায়াতৰ ক্ষেত্ৰত চৰকাৰে কৰিলে নতুন ঘোষণা।

*ৰাজ্যত দিনৰ ভাগত শিথিল কৰা হ’ব সান্ধ্য আইন। নিশাৰ ভাগত আংশিক সান্ধ্য আইন বাহাল থাকিব।
*সন্ধিয়া ৬.০০ বজাৰ পৰা পুৱা ৫.০০ বজালৈকে সকলো জিলাত থাকিব সান্ধ্য আইন।
*প্ৰত্যেকখন জিলাত সন্ধিয়া ৫.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল আৰু শাক-পাচলিৰ দোকান।
*আন্তঃজিলা যাত্ৰী পৰিবাহী যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা।
*আন্তঃ জিলা যাত্ৰী পৰিবাহী বাছ তথা আন বাহনৰ ক্ষেত্ৰত মুঠ আসনৰ ৫০ শতাংশ আসনতহে সামাজিক দূৰত্ব, মাস্ক পৰিধান আদি ক’ভিড বিধি মানি চলাচলৰ অনুমতি।

এই নতুন SOP ১০ আগষ্ট, ২০২১ৰ পুৱা ৫.০০ বজাৰ পৰা প্ৰযোজ্য হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + eleven =

Back to top button