অপৰাধঅসম

বেলতলা ছাৰ্ভেৰ বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ গোচৰঃ হত্যাৰ কথা স্বীকাৰ কৰিলে মূল অভিযুক্ত আকাশ চৌধুৰীয়ে…

আৰক্ষীৰ মাৰাথন জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে মূল অভিযুক্ত আকাশ চৌধুৰীয়ে। বৰুৱা দম্পতীক আকাশ চৌধুৰীয়ে নিজেই হত্যা কৰিছিল বুলি আৰক্ষীৰ সন্মুখত স্বীকাৰ অভিযুক্তৰ। 

অৱশেষত পোহৰলৈ আহিল বেলতলা ছাৰ্ভেৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত। বেলতলাৰ বৃদ্ধ দম্পতীক শোৱাপাটীতে হত্যা কৰাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। আৰক্ষীয়ে বৃদ্ধ দম্পতীৰ কেয়াৰ টেকাৰ আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰি চলাই আছিল জেৰা।

বৃহস্পতিবাৰে, প্ৰায় দুঘণ্টা ধৰি অভিযুক্ত আকাশ চৌধুৰী আৰু তেওঁৰ পত্নী পুতু দাসক জেৰা চলায় আৰক্ষীয়ে। আজি মহানগৰৰ বশিষ্ঠ আৰক্ষী থানাত পৃথকে দুয়োকে চলোৱা হয় জেৰা। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই দুঘন্টা জেৰা চলায় অভিযুক্তক।

আৰক্ষীৰ মাৰাথন জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে মূল অভিযুক্ত আকাশ চৌধুৰীয়ে। বৰুৱা দম্পতীক আকাশ চৌধুৰীয়ে নিজেই হত্যা কৰিছিল বুলি আৰক্ষীৰ সন্মুখত স্বীকাৰ অভিযুক্তৰ।

অৱশ্যে, মাটি-সম্পত্তিৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা নাছিল মন্তব্য কৰে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই। পিছে কি কাৰণত কেয়াৰ টেকাৰ আকাশ চৌধুৰীয়ে বৰুৱা দম্পতীক হত্যা কৰিছিল সেই সন্দৰ্ভত এতিয়াও মুখ খোলা নাই আৰক্ষীয়ে।কিন্তু হত্যাৰ আঁৰৰ উদ্দেশ্য বৰুৱা দম্পতীৰ সম্পত্তিৰ সৈতে সম্পৰ্কিত বুলি সন্দেহ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.