অপৰাধঅসমআঞ্চলিক

এইবাৰ ভুৱা চিকিৎসকৰ ৰূপত APDCLৰ বিষয়া-কৰ্মচাৰী

APDCLৰ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে GMCH কৰ্তৃপক্ষই ৰুজু কৰিছে গোচৰ

APDCLৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে সৰৱ GMCH কৰ্তৃপক্ষ। ইজনৰ পিছত সিজন APDCLৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

চিকিৎসাৰ নামত জালিয়াতি কৰা মুঠ ৪৫ জন চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে GMCH কৰ্তৃপক্ষই ৰুজু কৰিছে গোচৰ। ইয়াৰে ৪২ জনেই হৈছে APDCL ৰ বিষয়া-কৰ্মচাৰী।

আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে গণেশ কলিতা নামৰ এজন ব্যক্তিক। ৰি এমবাচ মেন্টৰ নামত নথি পত্ৰ আৰু চহী জালিয়াতি কৰি চৰকাৰী ধন মোকলাই নিছিল এই সকল ভুৱা চিকিৎসকে।

আনহাতে শেহতীয়াকৈ এই ঘটনাৰ লগত নাম সাঙোৰ খাইছে GMCH চৌহদত থকা ৰ’দালি ড্ৰাগছ নামৰ ফাৰ্মাচীখনৰ। এই সকল বিষয়া-কৰ্মচাৰীৰ একাংশই দাখিল কৰিছিল ৰ’দালী ড্ৰাগছ ফাৰ্মাচীৰ বিল। অৱশ্যে, ইয়াৰ আটাইকেইখন বিলেই ভুৱ‍া বুলি জানিবলৈ দিছে GMCHৰ অধীক্ষকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.