অসমআঞ্চলিক

পৰিয়ালক শেষ বিদায় জনাই মাজুলীলৈ যোৱা ডাঃ বিক্ৰমজিৎ বৰুৱাৰ সন্ধান ওলাল, হাতত থকা টাটুৰ পৰা পৰিয়ালে কৰিলে চিনাক্ত

৮ ছেপ্টেম্বৰৰ দিনা কণমানি দুই সন্তান আৰু পত্নীক শেষ বিদায় জনাই মাজুলীলৈ ওলাই যোৱা বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰৰ পিছতে যোৰহাটৰ চিকিৎসকজনৰ ঘৰত বিৰাজ কৰিছে শোকাকূল পৰিৱেশে

অৱশেষত সন্ধান ওলাল নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ দিন ধৰি সন্ধানহীন হৈ থকা ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহৰ। সম্পূৰ্ণ ৫ দিনৰ অন্তত খবৰ ওলাল যোৰহাটৰ চিকিৎসকজনৰ।

মঙলবাৰে পুৱাৰ ভাগত মাজুলীৰ ভেকেলী চাপৰিত উদ্ধাৰ কৰা হয় বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহটো। পিন্ধনত এটা ক’লা চাৰ্ট আৰু জিনচ পৰিহত মৃতদেহটো প্ৰত্যক্ষ কৰে উদ্ধাৰকাৰী বাহিনীৰ দলে। NDRF আৰু SDRFএ চলোৱা যৌথ অভিযানত উদ্ধাৰ কৰা হয় বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ।

৮ ছেপ্টেম্বৰৰ নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ দিন ধৰি সন্ধানহীন হৈ থকা চিকিৎসকজনৰ পৰিয়ালবৰ্গই অধীৰ আগ্ৰহেৰে বাট চাই আছিল তেওঁ ঘূৰি অহালৈ। কিছুদিন পূৰ্বে ব্ৰহ্মপুত্ৰত নিখোজ হোৱা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বাবে পৰিয়ালৰ লোকে ব্ৰহ্মপুত্ৰৰ পাৰত আয়োজন কৰিছিল পূজা-পাতল।

কিন্তু পৰিয়ালৰ লোকৰ সকলো আশা ধূলিস্যাৎ কৰি আহিল দুঃখবৰটো। ৮ ছেপ্টেম্বৰৰ দিনা কণমানি দুই সন্তান আৰু পত্নীক শেষ বিদায় জনাই মাজুলীলৈ ওলাই যোৱা বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰৰ পিছতে যোৰহাটৰ চিকিৎসকজনৰ ঘৰত বিৰাজ কৰিছে শোকাকূল পৰিৱেশে।

ভৰালুইতৰ বুকুৰ পৰা বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। উৱলি যোৱা মৃতদেহটোত থকা টাটুৰ পৰাই পৰিয়ালৰ লোকে চিনাক্ত কৰে মাজুলীৰ গড়মূৰ পিতাম্বৰদেৱ গোস্বামী চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱাক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.