উৎসৱভাৰত

ৰঙেৰে ৰঙীন সমগ্ৰ দেশ, সকলোৱে উলহ-মালহেৰে পালন কৰিছে হোলী…

হিন্দু ধৰ্মাৱলম্বী লোকসকলে সকলোকে ৰং-বিৰঙী আবিৰ সানি, মিঠাই বিলাই উদযাপন কৰে হোলী।

আজি ৰঙৰ উৎসৱ। দেশজুৰি হৰ্ষোল্লাসেৰে উদযাপন কৰা হৈছে ফাকুৱা। আবিৰৰ ৰঙেৰে ৰঙীন ৰাজ্য, ৰঙীন সমগ্ৰ দেশ।

ভাল আৰু বেয়াৰ জয়ক উদযাপন কৰাৰ উদ্দেশ্যে হোলী অথবা ফাকুৱা উদযাপন কৰা হয়। হোলী হৈছে হিন্দু ধৰ্মৰ লোকৰ দ্বিতীয় বৃহৎ উৎসৱ। হিন্দু ধৰ্মাৱলম্বী লোকসকলে সকলোকে ৰং-বিৰঙী আবিৰ সানি, মিঠাই বিলাই উদযাপন কৰে হোলী।

আজি হোলীগীতৰ মূৰ্ছনাৰে মুখৰিত হৈছে ৰাজ্য। সত্ৰনগৰী বৰপেটা, শুৱালকুছিতো দৌল মহোৎসৱ উদযাপন। বটদ্ৰৱাত ৫দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ। মাজুলীতো সত্ৰই সত্ৰই ফল্গুৎসৱ।

মুঠৰ ওপৰত ক’ভিডৰ ভয়াৱহতা ক্ৰমান্বয়ে আঁতৰি যোৱাত সকলোৱে উলহ-মালহেৰে পালন কৰিছে ফাকুৱা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 5 =

Back to top button