অভিনয়বলিউডবোলছবিভাৰতমনোৰঞ্জন

আজি আঠ বছৰ সম্পূৰ্ণ কৰিলে Barfiয়ে

যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল Barfi ছবিখনে

আজি আঠ বছৰ সম্পূৰ্ণ কৰিলে অনুৰাগ বাসু পৰিচালিত ছবি বাৰ্ফি (Barfi) য়ে৷
ছবিখনৰ কাহিনী মাৰ্ফি জনচন (Murphy johnson) ওৰফে বাৰ্ফিৰ ওপৰত আধাৰিত৷ বিশেষভাৱে সক্ষম বাৰ্ফিয়ে কাণেৰে নুশুনে আৰু কথা ক’ব নোৱাৰে৷ তাৰ মাজতে প্ৰেমে বাৰ্ফিৰ জীৱনটো সলনি কৰি দিয়ে। তাৰ ওপৰতে নিৰ্মাণ কৰি উলিওৱা হৈছিল বাৰ্ফি ছবিখন৷
ছবিখনত অভিনয় কৰিছিল ৰণবীৰ কাপুৰ, প্ৰিয়ংকা চোপ্ৰা জোনাছ আৰু ইলিয়ানা ডিক্ৰুজে ৷ ইয়াৰ উপৰিও ছবিখনত অভিনয় কৰিছিল ৰূপা গাংগুলী, জীশু সেনগুপ্তা, আশীষ বিদ্যাৰ্থী আৰু সৌৰভ শুক্লাই৷
ছবিখনত ইলিয়ানা আৰু প্ৰিয়ংকা চোপ্ৰা জোনাছে বাৰ্ফিৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছে৷
প্ৰায় ৩০ কোটি টকাৰ বাজেটৰে প্ৰস্তুত কৰি উলিওৱা ছবিখনে ছবিখনে বক্স অফিচত যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হয় আৰু ২০১২চনৰ highest-grossing Bollywood film ৰ ভিতৰত এখন হিচাপে বিবেচিত হয়৷ ইয়াৰ উপৰিও Barfi ছবিখনে ৮৫ সংখ্যক অকাডেমী বঁটাত শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবি শিতানত ভাৰতৰ official entry আছিল৷ তাৰোপৰি, ছবিখনে ৫৮ সংখ্যক Filmfare Awardৰ ১৩ টাকৈ শিতানত মনোনীত হৈছিল ৷
ছবিখনৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকক ধনাত্মক ৰূপত যি ধৰণে দেখুওৱা হৈছে, সেয়া নিঃসন্দেহে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + ten =

Back to top button