AssamCity newsleatest updatenationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অৰবিন্দ কেজৰিৱাললৈ উচ্চতম ন্যায়ালয়ৰ সাময়িক সকাহ…

অৰবিন্দ কেজৰিৱাললৈ উচ্চতম ন্যায়ালয়ৰ সাময়িক সকাহ
অৱশেষত উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অন্তঃৱৰ্তীকালীন জামিন
আবকাৰী গোচৰ সন্দৰ্ভত কাৰাবন্দী দিল্লীৰ মুখ্যমন্ত্ৰীজন
২১ মাৰ্চৰ পৰা তিহাৰ জে’লত বন্দী অৰবিন্দ কেজৰিৱাল
জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ নাহে কেজৰিৱাল
বৰ্তমান CBIৰ গোচৰত ন্যায়িক জিম্মাত আছে কেজৰিৱাল
অৱশ্যে EDৰ গ্ৰেপ্তাৰ সন্দৰ্ভত শীৰ্ষ বিচাৰপীঠলৈ প্ৰেৰণ গোচৰ
গ্ৰেপ্তাৰৰ নীতি আৰু ভিত্তি সন্দৰ্ভত হ’ব বিচাৰ
অন্তঃৱৰ্তীকালীন জামিন সন্দৰ্ভতো শীৰ্ষ বিচাৰপীঠে ল’ব পাৰিব সজ্ঞান

উল্লেখ্য যে ৯ জুলাইত EDএ দিল্লীৰ ৰাউজ এভিনিউ আদালতত সপ্তমখন পৰিপূৰক চাৰ্জ শ্বীট দাখিল কৰে।
EDৰ দাবী–দিল্লীৰ সুৰানীতিৰ কেলেংকাৰিৰ মূল অভিযুক্ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। চাৰ্জশ্বীটত উল্লেখ কৰা মতে সুৰানীতিৰ কেলেংকাৰিৰে সংগৃহীত বৃহৎ পৰিমাণৰ ধন আম আদমী পাৰ্টিৰ নামত ব্যয় কৰা হৈছে। EDএ দাবী কৰিছে যে ২০২২ চনত গোৱাত অনুষ্ঠিত নিৰ্বাচনত AAPএ ব্যয় কৰিছে আবকাৰী কেলেংকাৰিৰৰে সংগ্ৰহ কৰা ধন। ২০২২ চনত CBI আৰু EDএ ৰুজু কৰিছিল পৃথক পৃথক গোচৰ। ২০২৩ চনৰ অক্টোবৰ মাহৰ পৰা মাৰ্চ ২০২৪লৈ EDএ গোচৰটোৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে মুখ্যমন্ত্ৰী কেজৰিৱালক ৯ বাৰকৈ চমন জাৰি কৰিছিল। আৰু অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ অগ্ৰিম জামিন আবেদন খাৰিজ কৰাৰ পিছতে ২১ মাৰ্চত মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰে EDএ।

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.