কাৰ হেমাহিত বাতিল হ’ল জুবিন গাৰ্গৰ সাংগীতিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ?
এয়া জুবিন গাৰ্গৰ প্ৰতি অপমান আখ্য়া আছুৰ

ছিপাঝাৰত ২৪ নবেম্বৰত অনুষ্ঠিত হবলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সাংগীতিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বাতিল৷ দৰং জিলা প্ৰশাসনে অনুমতি বাতিল কৰিলে জুবিন গাৰ্গৰ সাংগীতিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ৷
একেলগে ১০ হাজাৰ জুবিন গাৰ্গ অনুৰাগীয়ে সমস্বৰে প্ৰাণৰ শিল্পী গৰাকীক তেখেতৰ গীত পৰিবেশনেৰে শ্ৰদ্ধাঞ্জলি যাচিব বিছাৰিছিল৷ ছিপাঝাৰবাসী ৰাইজৰ উদ্যোগত আৰু শিল্পী সমাজৰ সহযোগত ছিপাঝাৰ ষ্টেডিয়ামত দিনৰ ১০ বজাত অনুষ্ঠিত হবলগীয়া আছিল এই অনুষ্ঠান ৷ এই সাংগীতিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল জুবিন গাৰ্গৰ স্বৰ্ণময় সংগীত যাত্ৰাৰ এগৰাকী অন্যতম সহযোগী দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱা ৷ ইতিমধ্যে ৮ টা স্থানত গীতটিৰ আখৰা আৰম্ভ কৰি সাজু কৰিছিল সাংগীতিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ গীতটি ৷ পদ্মশ্ৰী দ্ৰোণ ভুঞাই দৰঙী ওজাপালিৰে আৰম্ভ কৰা জুবিন গাৰ্গৰ তিনিটা গীত একেলগে পৰিবেশনৰ বাবে ২৫ গৰাকী মাষ্টাৰ ট্ৰেইনাৰে প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ ১০ হাজাৰ শিল্পীয়ে পৰিবেশন কৰা সাংগীতিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপভোগ কৰিবলৈ প্ৰায় ১৫ হাজাৰ দৰ্শকৰ আসনৰ ব্যৱস্থা কৰিছিল আয়োজকে৷ এই অনুষ্ঠান বাতিলৰ পিছতে প্ৰতিক্ৰিয়া শিল্পী সমাজ , আয়োজক সমিতি আৰু ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থা ৷
এয়া এক জুবিন গাৰ্গৰ প্ৰতি অপমান আখ্য়া আছুৰ৷ কিছুদিন পূৰ্বেও ছিপাঝাৰত ঐক্যতানৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছিল দৰং জিলা প্ৰশাসনে ৷

