AssamCrimeleatest updatenorth eastscamঅপৰাধঅসমদৈনিক বাতৰিভাৰত

সাৱধান ! গছ কটাত বাধা দিলেই হʼব লাগিব ঘূণীয়া…

কোনোবাই গছ কাটি থকা দেখিলে পৰাপক্ষত বাধা দিবলৈ নাযাব, পাৰিলে দেখিও নেদেখাৰ ভাও জুৰিব।

কোনোবাই গছ কাটি থকা দেখিলে পৰাপক্ষত বাধা দিবলৈ নাযাব, পাৰিলে দেখিও নেদেখাৰ ভাও জুৰিব। আপুনি যদি বাধা দিবলৈ যায় তেতিয়া আপুনি ঘূণীয়া হোৱাটো খাটাং। এয়া কোনো সাজি কোৱা নহয়, গছ কটাত বাধা দিবলৈ গৈ ভৰি ভাঙি বিহাৰৰ পাটনা পালেগৈ এজন লোক। পঞ্চায়তৰ সভাপতিয়ে গতিয়াই ভাঙিলে এজন লোকৰ ভৰিৰ আঁঠু।

ঘটনা মঙ্গলদৈৰ। ৰবিবাৰে আজিজুৰ ৰহমান নামৰ এজন লোক মঙ্গলদৈ বজাৰলৈ যাবলৈ আহোঁতে ঘৰৰ কাষতে লাগি থকা বান্দিয়া গাওঁ পঞ্চায়তৰ চৌহদত গছ কাটি থকা প্ৰত্যক্ষ কৰে। লগে লগে আজিজুৰে কিহৰ বাবে এই গছ কটা হৈছে বুলি জানিব খোজে পঞ্চায়তৰ সচিবৰ পৰা। কিন্তু কিছু মূহুৰ্তৰ ভিতৰতে বান্দিয়া গাওঁ পঞ্চায়তৰ সভাপতি বিৰাজ উদ্দিন আহমেদ আহি আজিজুৰ ৰহমানৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হয়।

আজিজুৰ ৰহমানক গতিয়াই দিয়ে পঞ্চায়ত সভাপতি বিৰাজ উদ্দিন আহমেদ। পঞ্চায়ত সভাপতিৰ গতাত আজিজুৰে নিয়ন্ত্ৰণ হেৰুৱাই নলা এটাত পৰি যায় আৰু আজিজুৰৰ সোফালৰ আঠুটো ভাঙি যায়। লগে লগে আজিজুৰ উন্নত চিকিতসাৰ বাবে বিহাৰৰ পাটনালৈ যাব লগা হয়। বান্দিয়া গাওঁ পঞ্চায়তৰ সভাপতি বিৰাজ উদ্দিন আহমেদে বিদ্যুতৰ খুটা সেই স্থানেৰে যোৱাৰ কথা কৈ বলপূৰ্বকভাবে গছ সমুহ কাটি তহিলং কৰে।

এইয়া গুন্দাৰাজ নে কি? যʼত পঞ্চায়তৰ সভাপতি হিচাপে গছ কটাত বাধা দিব লাগিছিল তাত উলোটাই গছ কটাত বাধা দিবলৈ অহা লোকৰ ওপৰত পঞ্চায়ত সভাপতিৰেই আক্ৰমণ। স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে যদিও বৰ্তমানেও ঘটনা সন্দৰ্ভত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.