leatest updatepoliticalSocial

ৰাহুল গান্ধীলৈ উচ্চতম ন্যায়ালয়ৰ সকাহ।নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ৰাহুল গান্ধীয়ে!

ছুৰাট আদালতে দিয়া ৰায়দানত স্থগিতাদেশ।

ৰাহুল গান্ধীলৈ উচ্চতম ন্যায়ালয়ৰ সকাহ। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ৰাহুল গান্ধীয়ে!ছুৰাট আদালতে দিয়া ৰায়দানত স্থগিতাদেশ। শুনানি সম্পূৰ্ণ নোহোৱালৈকে বাহাল থাকিব স্থগিতাদেশ। চলি থাকিব গোচৰটোৰ আইনী প্ৰক্ৰিয়া।

মোদী উপাধিক লৈ ৰাহুল গান্ধীয়ে কৰিছিল বিতৰ্কিত মন্তব্য। যাৰ বাবে দুবছৰ কাৰাদণ্ড বিহা হৈছিল ৰাহুল গান্ধীক। জনপ্ৰতিনিধিক ৰাজহুৱা মন্তব্য কৰাত সতৰ্ক হ’বলৈ পৰামৰ্শ সৰ্বোচ্চ ন্যায়ালয়ৰ। ৰাহুল গান্ধীক সৰ্বাধিক দণ্ড কিয় বিহা হ’ল বুলিও প্ৰশ্ন। নিম্ন আদালতৰ ৰায়দানত নাই সৰ্বাধিক কাৰাদণ্ডৰ স্পষ্ট কাৰণ। সৰ্বোচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ পূৰ্বে ৩ ঘণ্টা ধৰি চলিছিল শুনানি। ন্যায়াধীশ বি আৰ গৱেই, পি এছ নৰসিংহ আৰু সঞ্জয় কুমাৰৰ বিচাৰপীঠত শুনানি।

ৰাহুল গান্ধীৰ হৈ যুক্তি আগবঢ়াইছিল অধিবক্তা অভিষেক মনোসিংভিয়ে। অভিযোগকাৰী পুৰ্নেশ মোদীৰ হৈ যুক্তি মহেশ জেঠমালানীৰ। যোৱা ২৩ মাৰ্চত গুজৰাটৰ চেছন আদালতে দোষী সাব্যস্ত কৰিছিল ৰাহুল গান্ধীক। নিম্ন আদালতৰ ৰায়দানৰ পিছতেই খাৰিজ হৈছিল ৰাহুল গান্ধীৰ সাংসদ পদ।

৭ জুলাইত গুজৰাট উচ্চ ন্যায়ালয়েও বাহাল ৰাখিছিল নিম্ন আদালতৰ ৰায়দান। নিম্ন আদালতৰ ৰায়দানৰ বিৰুদ্ধে ১৫ জুলাইত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰাহুল গান্ধী। দিল্লীত কংগ্ৰেছ কৰ্মীৰ মিঠাই বিতৰণ কৰি আনন্দ-উল্লাস।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.