Assamleatest updatespaceunivers

পুনৰ অসমক গৌৰাম্বিত কৰিলে ডo ঐশ্বন্যা শৰ্মাই।

  আদিত্য L-1 অভিযানৰ লগত জড়িত অসম কন্যা ডঃ ঐশ্বন্যা শৰ্মা।

ভাৰতৰ সূৰ্যমুখী অভিযানত জড়িত হোৱাৰ গৌৰৱ অসম কন্যাৰ। যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ ঐশ্বন্যা শৰ্মা । আদিত্য L-1 অভিযানৰ লগত জড়িত হৈ আছে এইগৰাকী শিক্ষয়িত্ৰী। আদিত্যৰ কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব ল’বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে নিযুক্ত কৰা হৈছে পদাৰ্থ বিজ্ঞানৰ এইগৰাকী প্ৰবক্তাক।

আদিত্য L-1ত সংলগ্ন কৰা দূৰবীক্ষণ যন্ত্ৰ SOLAR ULTRAVIOLET IMAGING TALESCOPEএ সংগ্ৰহ কৰি পঠাবলগীয়া তথ্যৰ পৰা সূৰ্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলত থকা তৰংগ আৰু কম্পনৰ বিষয়ে অধ্যয়ন কৰিব এইগৰাকী অসমকন্যাই। মুখ্য অনুসন্ধানকাৰী বিজ্ঞানী তথা পুনেত অৱস্থিত জ্যোতি পদাৰ্থ বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান IUCAAৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰফেচৰ দুৰ্গেশ ত্ৰিপাঠীৰ লগত বৰ্তমানেও কৰ্মৰত বাহনা মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ডঃ ঐশ্বন্যা শৰ্মা।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.