অসমউৎসৱগুৱাহাটীভাৰতমনোৰঞ্জনসংস্কৃতি

প্ৰতিক্ষাৰাণী বৰগোঁহাইৰ শিৰত উজ্জলিল এইবাৰৰ বিহুসম্ৰাজ্ঞী মুকুত

ঐতিয্যপুৰ্ণ গুৱাহাটী বিহু সন্মিলনীৰ ২০২৩ বৰ্ষৰ বিহুসম্ৰাজ্ঞীৰ খিতাপ প্ৰতিক্ষাৰাণী বৰগোঁহাইলৈ।

ঐতিয্যপুৰ্ণ গুৱাহাটী বিহু সন্মিলনীৰ ২০২৩ বৰ্ষৰ বিহুসম্ৰাজ্ঞীৰ খিতাপ প্ৰতিক্ষাৰাণী বৰগোঁহাইলৈ।

প্ৰতিক্ষাৰাণী বৰগোঁহাইৰ শিৰত উজ্জলিল এইবাৰৰ বিহুসম্ৰাজ্ঞী মুকুত।

৭ গৰাকী বিহুৱতীৰ ভিতৰত  প্ৰতিক্ষাৰাণীয়ে লাভ কৰে বিহু সম্ৰাজ্ঞী খিতাপ।

বিহুসম্ৰাজ্ঞী গৰাকীয়ে লাভ কৰে চলন্ত ৰূপৰ মুকুট আৰু এটা স্থায়ী মুকুট।

লগতে বিহু সম্ৰাজ্ঞী দণ্ড, নগদ ১ লাখ টকা , ১০ গ্ৰাম সোনৰ মুদ্ৰা, স্থায়ী ট্ৰফি, প্ৰমাণ পত্ৰ, টিভি, ফ্ৰিজ, ৱাচিং মেছিন, নেমকেয়াৰৰ পৰা সংস্থাপনৰ প্ৰস্তাৱ আৰু বহু উপহাৰ।

২০২৩ৰ বিহুৰাণীৰ খিতাপ দখল কৰে বন্যানী গগৈয়ে।

চলন্ত ৰূপৰ মুকুটৰ লগতে লাভ কৰে নগদ ৫১ হাজাৰ, এটা ট্ৰফি,৫ গ্ৰাম সোনৰ মুদ্ৰা,মানপত্ৰ আৰু উপহাৰৰ টোপোলা।

গুৱাহাটী বিহু সন্মিলনীৰ বিহুকুৱৰীৰ খিতাপ দখল কৰে অনন্যা ফুকনে।

বিহু কুঁৱৰীগৰাকীয়ে লাভ কৰে মানপত্ৰ, নগদ টকা ৩১ হাজাৰ, ট্ৰফি ,৫ গ্ৰাম সোনৰ মুদ্ৰাৰ লগতে বহুকেইটা উপহাৰ।

শ্ৰেষ্ঠ ঢুলীয়া খিতাপ দখল কৰে দুলুমনি বৰাই।

লাভ কৰে ফুলাম গামোচা, শৰাই আৰু নগদ ১০ হাজাৰ টকা লগতে মানপত্ৰ।

শ্ৰেষ্ঠ পেপা বাদকৰ খিতাপ দখল দেৱজিৎ তামুলীৰ।

শ্ৰেষ্ঠ পেঁপাবাদকক প্ৰদান ফুলাম গামোচা ,এটি স্মাৰক আৰু নগদ ১০ হাজাৰ টকা লগতে মানপত্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.