nationalভাৰত

মুকলি হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, ভক্তৰ বাবে কি বিশেষ প্ৰস্তুতি ?

কেদাৰনাথ মাথোঁ তীৰ্থ নহয়- ই এক অনুভৱ, এক আত্মিক সংযোগ। হিমালয়ৰ গম্ভীৰ বক্ষত, মেঘেৰে আবৃত শৃঙ্গৰ মাজত সময়ৰ বহু সহস্ৰাব্দ ধৰি অটল হৈ আছে কেদাৰনাথ মন্দিৰ।

পবিত্ৰ কেদাৰনাথ মন্দিৰত পুনৰ ভক্তিৰ সুৰ। হিমালয়ৰ নিসৰ্গৰ মাজত বিৰাজমান পবিত্ৰ কেদাৰনাথ মন্দিৰত আজি বাজি উঠিল ভক্তিৰ ঘণ্টাধ্বনি। শীতৰ দীঘলীয়া বিৰতিৰ অন্তত মন্দিৰৰ দুৱাৰ মুকলি হোৱাত দেশজুৰি ভক্তৰ হৃদয়ত আনন্দৰ জোৱাৰ। হৰ হৰ মহাদেৱ ধ্বনিৰে মুখৰিত হল কেদাৰনাথ ধাম । পুৱা শুভ মুহূৰ্তত ফুল, ধূপ আৰু বৈদিক মন্ত্রৰ সুৰেৰে সজীৱ হৈ উঠিল মন্দিৰ পৰিসৰ। পৰম্পৰাগত ৰীতি-নীতিৰে পূজা-অৰ্চনা সম্পন্ন কৰাৰ পিছত পুৱা ৮ বজাত ভক্তৰ বাবে মুকলি কৰা হয় মন্দিৰৰ দুৱাৰ । পুৰোহিত আৰু মন্দিৰ কৰ্তৃপক্ষই পূজা সম্পন্ন কৰাৰ পিছত ভক্তৰ প্ৰৱেশৰ বাবে প্ৰদান কৰা হয় অনুমতি।
কেদাৰনাথ মাথোঁ তীৰ্থ নহয়- ই এক অনুভৱ, এক আত্মিক সংযোগ। হিমালয়ৰ গম্ভীৰ বক্ষত, মেঘেৰে আবৃত শৃঙ্গৰ মাজত সময়ৰ বহু সহস্ৰাব্দ ধৰি অটল হৈ আছে কেদাৰনাথ মন্দিৰ। এক আধ্যাত্মিক মহিমাৰ প্ৰতীক, আৰু অনন্ত বিশ্বাসৰ স্তম্ভ এই কেদাৰনাথ ধাম। মন্দাকিনী নদীৰ সোঁতে ধুই যোৱা এই পবিত্ৰ স্থান প্ৰকৃতি আৰু পৰমাত্মাৰ এক অপূৰ্ব মিলন স্থল।
বতাহৰ শীতল স্পৰ্শ, ঘণ্টাধ্বনিৰ অনুনাদ, আৰু ভক্তিৰ গম্ভীৰ ধ্বনি মিলি সৃষ্টি কৰে এক অলৌকিক পৰিৱেশ। শ্বেত হিমেৰে আবৃত পৰ্বতমালাৰ মাজত এই পবিত্ৰ স্থানত উপস্থিত হোৱা প্ৰতিজন ভক্তই অনুভৱ কৰে এক গভীৰ আধ্যাত্মিক শান্তি। জনবিশ্বাস অনুসৰি স্বৰ্গযাত্ৰাৰ সময়ত পঞ্চ পাণ্ডৱে নিৰ্মাণ নিৰ্মাণ কৰিছিল মন্দিৰভাগ । কালৰ পৰা এই স্থান শিৱভক্তসকলৰ বাবে এক মহান তীৰ্থক্ষেত্ৰ হিচাপে পৰিচিত হৈ আহিছে। পাথৰেৰে নিৰ্মিত এই মন্দিৰৰ স্থাপত্য যেন সময়ৰ সকলো পৰীক্ষা পাৰ হৈ আহি আজিও অটল।
কেদাৰনাথ ধাম যেন এক মৌন সাধু, যি যুগ-যুগান্তৰ ধৰি মগ্ন হৈ আছে ধ্যানত। শুভ্ৰ তুষাৰেৰে আবৃত পৰ্বতৰ কোঁহত অৱস্থিত এই মন্দিৰে শীতৰ কঠিনতা আৰু প্ৰকৃতিৰ প্ৰতিকূলতাকো পৰাজিত কৰি মানুহৰ বিশ্বাসৰ জ্যোতি সদায় উজ্জ্বল কৰি ৰাখিছে। দুৰ্গম পথেৰে পাৰ হৈ ভক্তসকল আহে মন্দিৰ দৰ্শনৰ বাবে, কিন্তু মন্দিৰ দৰ্শনত ভক্তই অনুভৱ কৰে এক অবর্ণনীয় শান্তি… যেন অন্তৰৰ সকলো ক্লান্তি একে মুহূৰ্ততে বিলীন হৈ যায়।
৫১ কুইণ্টল ফুলেৰে সজাই তোলা হৈছে কেদাৰনাথ ধাম। ভক্তসকলৰ সুৰক্ষাৰ বাবে ইতিমধ্য়ে সম্পূৰ্ণ কৰা হৈছে যাবতীয় প্ৰস্তুতি। গৌৰীকুণ্ডৰ পৰা কেদাৰনাথলৈকে নিৰ্মাণ কৰা হৈছে পথ। ফাটা আৰু গুপ্তকাশীৰ পৰা যাত্ৰীৰ বাবে উপলব্ধ কৰা হৈছে হেলিকপ্টাৰ সেৱা। প্ৰতিগৰাকী ভক্তৰ বাবে বায়োমেট্ৰিক পঞ্জীয়ন বাধ্যতামূলক কৰিছে মন্দিৰ কতৃপক্ষই। অনলাইন ৰেজিষ্ট্ৰেচন আৰু যাত্ৰীৰ নিয়ন্ত্ৰণ ব্যৱস্থাও এইবাৰ কৰা হৈছে অধিক কঠোৰ। যাত্ৰাৰ সুবিধাৰ বাবে স্বাস্থ্য, পৰিবহণ আৰু আৱাস ব্যৱস্থাতো দিয়া হৈছে বিশেষ গুৰুত্ব ।
প্ৰতিবছৰে শীতকালত তীব্ৰ তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হয় কেদাৰনাথ মন্দিৰ। পুণৰ গ্ৰীষ্ম ঋতুৰ আৰম্ভণিত মুকলি কৰা হয় মন্দিৰৰ দুৱাৰ। অধিৰ আগ্ৰহেৰে ভক্তই অপেক্ষা কৰে মন্দিৰৰ দুৱাৰ মুকলি কৰালৈ।
এইদৰে আধ্যাত্মিকতা, প্ৰকৃতি আৰু ভক্তিৰ মিঠা মিলনেৰে পুনৰ জীৱন্ত হৈ উঠিছে কেদাৰনাথ ধাম। কেদাৰনাথ মন্দিৰ কেৱল এক ধৰ্মীয় স্থান নহয়, ই হৈছে আত্মাৰ এক যাত্ৰা, বিশ্বাসৰ এক দীপ্তিমান জ্যোতি, আৰু মানুহৰ অন্তৰৰ গভীৰ অনুভৱৰ এক চিৰন্তন প্ৰকাশ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.