Covid-19

মৃত্যুদূতৰূপে আহি আছে অমিক্ৰন, ডেল্টাতকৈ তিনিগুণ শক্তিশালী এই নতুন প্ৰজাতি

বৰ্তমান সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ক'ভিডৰ নতুন ভেৰিয়েন্ট অমিক্ৰনে। বৃহস্পতিবাৰে,দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানীসকলে এক পৰীক্ষাৰ পিছতে প্ৰকাশ কৰে যে, ডেল্টা বা বেটাতকৈ তিনিগুণ অধিক শক্তিশালী অমিক্ৰন।

ক’ভিড-১৯ৰ নতুন প্ৰজাতি অমিক্ৰনক লৈ সমগ্ৰ বিশ্বজুৰি চলিছে ব্যাপক চৰ্চা। বহুকেইখন দেশত ইতিমধ্যেই জাৰি কৰা হৈছে সতৰ্কতা। দক্ষিণ আফ্ৰিকাত উদ্ভৱ হোৱা এই নতুন প্ৰজাতি ৰোধ কৰিবলৈ বহু দেশেই বাতিল কৰিছে দক্ষিণ আফ্ৰিকাৰ পৰা আহিবলগীয়া বিমান।

বৰ্তমান সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ক’ভিডৰ নতুন ভেৰিয়েন্ট অমিক্ৰনে। বৃহস্পতিবাৰে,দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানীসকলে এক পৰীক্ষাৰ পিছতে প্ৰকাশ কৰে যে, ডেল্টা বা বেটাতকৈ তিনিগুণ অধিক শক্তিশালী অমিক্ৰন।

অমিক্ৰনে মানুহৰ শৰীৰত প্ৰৱেশ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। আনকি পূৰ্বে ক’ভিডত আক্ৰান্ত হোৱা লোকো এই প্ৰজাতিৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। ২৭ নৱেম্বৰলৈকে ২.৮ মিলিয়ন লোকৰ ভিতৰত ৩৫,৬৭০ লোক অমিক্ৰনত আক্ৰান্ত হৈছে।

উল্লেখ্য যে, নৱেম্বৰৰ মাজভাগলৈকে দক্ষিণ আফ্ৰিকাত এদিনত ৩০০টা ক’ভিডত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল। তাৰ পৰিৱৰ্তে বুধবাৰে দেশখনত ৮,৫৬১টা নতুন ঘটনা পোহৰলৈ আহিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.