Assam

বিশ্ববৰণ্য শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীক স্মৰণ।

সজাই-পৰাই তোলা হৈছে সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ।

আজি ৮ ছেপ্টেম্বৰ। বিশ্ববৰণ্য শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। ৰাজ্যৰ লগতে দেশজুৰি বৰেণ্য শিল্পীগৰাকীক গীতে-মাতে স্মৰণ। ৰাজ্য চৰকাৰৰ উদ্যোগত বছৰজোৰা বৰ্ণাঢ্য আয়োজন। সজাই-পৰাই তোলা হৈছে সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ। দীঘলীপুখুৰীৰ পাৰত সুধাকণ্ঠৰ স্মৃতিত গীত পৰিৱেশন।

সুধাকন্ঠৰ সোঁৱৰণত মঙলদৈত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰভাত ফেৰি ৷ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু আশাৰ আলোক মানুহে মানুহৰ বাবেৰ সহযোগত মঙলদৈ চহৰৰ মাজেৰে কৰা হৈছে প্ৰভাত ফেৰি৷

বোকাখাতটো সুধাকণ্ঠ ড° ভুপেন হাজৰীকাৰ শতবৰ্ষ জন্মদিন উদ্‌যাপন। বোকাখাতৰ সমজিলা প্ৰশাসনে বোকাখাতৰ সোনালী মূৰ্তিৰ তলত পালন কৰে জন্ম বাৰ্ষিকী। সমান্তৰালকৈ লখিমপুৰৰ জাপিসজীয়াৰ সাধনী ভৱন প্ৰাংগণত অসম ভীম সেনা, কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলা সমিতিৰ সহযোগত সুধাকণ্ঠৰ ওপজা দিন আৰু কেন্দ্রীয় শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু কলিয়াবৰ সম জিলা প্ৰশাসনৰ সহযোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কুঠৰী স্থিত বাসগৃহৰ প্ৰাংগণত আহোৰাত্রী “শতবৰ্ষৰ সন্ধ্যা” শীৰ্ষক এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

বিশ্ব বৰণ্য জনতাৰ শিল্পী সুধাকণ্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কুঠৰী স্থিত বাসগৃহৰ প্ৰাংগণত আহোৰাত্রী “শতবৰ্ষৰ সন্ধ্যা” শীৰ্ষক এক বৰ্ণাঢ্য আৰু বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানৰ আৰম্ভনিতেই তেখেতৰ বাসগৃহৰ প্ৰাংগণত থকা প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে জিলা আয়ুক্ত শ্রী দেৱাশীষ শৰ্মাই। অনুষ্ঠানৰ আৰম্ভণিতেই
পাৰিজাত দিহা নাম দলৰ এটি সুন্দৰ দিহা নামেৰে আৰম্ভ কৰে অনুষ্ঠান। ইয়াৰ পিছতে কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এটি সমবেত সংগীত পৰিবেশন কৰাৰ লগতে বিশিষ্ট শিল্পী সকলে আহোৰাত্রী সুধাকণ্ঠৰ চিৰসেউজ গীতসমূহ পৰিবেশনেৰে তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button