অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

কাছাৰৰ নানতানপুৰত ভয়ংকৰ ঘটনা, ধৰ্ষিতা নাবালিকাক বিষ পাণ কৰাই হত্যাৰ অভিযোগ…

এগৰাকী ১৪ বছৰীয়া নাবালিকাক বিদ্যালয়ৰ পৰা ঘৰত উভতি যোৱাৰ সময়ত আনোয়াৰ উদ্দিন নামৰ এগৰাকী ৫০ বছৰীয়া লম্পট বৃদ্ধই গাড়ীত তুলি লৈ গৈ কালাইন ডিগাবৰ চাহ বাগিচাত ধৰ্ষণ কৰে।

কাছাৰৰ নানতানপুৰত ভয়ংকৰ ঘটনা

ধৰ্ষিতা নাবালিকাক বিষ পাণ কৰাই হত্যাৰ অভিযোগ

অপহৰণ কৰি বিষপাণ নাবালিকাগৰাকীক

ধৰ্ষণকাণ্ডৰ মীমাংসা নকৰাৰ বাবেই হত্যাৰ সন্দেহ

দুমাহ পূৰ্বে সংঘটিত হৈছিল নাবালিকা ধৰ্ষণৰ ঘটনা

চাৰিমুল হক নামৰ লম্পটৰ নেতৃত্বত এই ঘটনা

১১ অভিযুক্তৰ বিৰুদ্ধে থানাত গোচৰ ভুক্তভোগী পৰিয়ালৰ

দোষীক গ্ৰেপ্তাৰৰ দাবীত উত্তেজিত ৰাইজৰ থানা ঘেৰাও

উল্লেখ্য যে যোৱা দুমাহ পূৰ্বে এগৰাকী ১৪ বছৰীয়া নাবালিকাক বিদ্যালয়ৰ পৰা ঘৰত উভতি যোৱাৰ সময়ত আনোয়াৰ উদ্দিন নামৰ এগৰাকী ৫০ বছৰীয়া লম্পট বৃদ্ধই গাড়ীত তুলি লৈ গৈ কালাইন ডিগাবৰ চাহ বাগিচাত ধৰ্ষণ কৰে। ঘটনাৰ পাছত নাবালিকা জনীৰ পিতৃয়ে ধৰ্ষণৰ অভিযোগ তুলি কালাইন আৰক্ষী চকীত লম্পট বৃদ্ধ আনোয়াৰ উদ্দিনৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ। কিন্তু গোচৰ ৰুজুৰ পাছতো কালাইন আৰক্ষীয়ে ৰহস্যজনকভাবে লোৱা নাছিল কোনো ব্যৱস্থা৷ বিপৰীতে আৰক্ষীৰ সহযোগত এক দালাল চক্ৰ এই ধৰ্ষণৰ ঘটনা মিমাংসা কৰাৰ বাবে উঠিপৰি লাগে। ধৰ্ষিতাৰ পৰিয়ালক বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰে এই ঘটনা মিমাংসা কৰি গোচৰ তুলি লোৱাৰ বাবে। ধৰ্ষিতাৰ পৰিয়ালে ঘটনা মিমাংসা কৰাত অস্বীকাৰ কৰিলে যোৱা দুদিন পূৰ্বে ধৰ্ষিতা নাবালিকা জনীক চাৰিমূল হক নামৰ স্থানীয় এক দালাল আৰু ধৰ্ষণকাৰী বৃদ্ধৰ দুই পুত্ৰ ইমৰুল হক আৰু কমৰুল হকে অপহৰণ কৰি লৈ যায়৷ আৰু অপহৰণ কৰি লৈ যোৱাৰ পাছত নাবালিকা জনীক বিষ পান কৰাই বুলি অভিযোগ কৰে নাবালিকাৰ পৰিয়ালৰ লোকে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + seven =

Back to top button