অপৰাধঅভিনয়বলিউডভাৰত

পুনৰ জেললৈ যাব ভাইজান!

ছলমান খানলৈ আহিল আদালতৰ চমন

পুনৰ জেললৈ যাব পাৰে অভিনেতা ছলমান খান! ছলমান খানলৈ আহিল আদালতৰ চমন।

এইবাৰ অভিনেতাজনৰ বিৰুদ্ধে ঘোচৰ তৰিছে সাংবাদিক অশোক পাণ্ডেই। ৫ এপ্ৰিলত আন্ধেৰি ক’ৰ্টত হাজিৰ হোৱাৰ নিৰ্দেশনা জাৰি কৰা হৈছে অভিনেতাগৰাকীক।

তথ্য অনুসৰি, ২০১৯ চনত সাংবাদিকৰ সৈতে অভব্য আচৰণ কৰাৰ বাবে এই গোচৰ ৰুজু কৰিছিল সাংবাদিক অশোক পাণ্ডেই। আইপিচি ৫০৪ আৰু ৫০৬ ধাৰাত ৰুজু কৰা হৈছিল এই গোচৰ।

নিজৰ খঙাল মেজাজৰ বাবে ছলমান খানে সাংবাদিকক অপদস্থ কৰাৰ ঘটনা বহুবাৰ সংঘটিত হৈছিল। আনকি ছেলফি ল’বলৈ যোৱা অনুৰাগীৰ সৈতেও বেয়া ব্যৱহাৰ কৰিছিল তেওঁ। বহু সময়ত অনুৰাগীৰ ফোন কাঢ়ি নি দলিয়াই পেলোৱাও দেখা গৈছিল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কৃষ্ণসাৰ মৃগ আৰু নিশা অনিয়ন্ত্ৰিতভাৱে গাড়ী চলোৱাৰ বাবে দীৰ্ঘদিন আদালতলৈ দৌৰিবলগীয়া হৈছিল অভিনেতাজন

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.