
পাচনত সহায়কঃ কলা কচুয়ে পাচন প্ৰক্ৰিয়া সহজ হৈ পৰে। ই পেট পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে ।
হৃদযন্ত্ৰৰ বাবে উপকাৰী : ইয়াত থকা পটাছিয়ামে হৃদযন্ত্ৰৰ স্বাস্থ্যত সহায় কৰে। পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে: কলা কচুত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ই চৰ্দি, কাহ, আৰু অন্যান্য ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে।
ওজন হ্ৰাস কৰাত সহায় কৰে: কলত কম কেলৰি আৰু অধিক আঁহ থাকে, যিয়ে ভোক দমন কৰে আৰু ওজন হ্ৰাস প্ৰক্ৰিয়াত সহায় কৰে।
হাড়ক মজবুত কৰি ৰাখে: ইয়াত থকা কেলচিয়াম হাড়ৰ গঠন আৰু শক্তিৰ বাবে উপকাৰী। ইয়াৰ ফলত অষ্টিঅ’পৰ’ছিছ আৰু হাড়ৰ অন্যান্য সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।
ছালখন সুস্থ কৰি ৰাখে: কলা কচুত থকা ভিটামিন এ-এ ছালৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে আৰু ছালখন কোমল আৰু উজ্জ্বল কৰি ৰাখে।
ডায়েবেটিছ নিয়ন্ত্ৰণঃ কলা কচুত গ্লাইচেমিক ইনডেক্স কম, গতিকে ডায়েবেটিছ ৰোগীৰ বাবে ই উপকাৰী। ইয়াৰ ফলত তেজত চেনিৰ মাত্ৰা সুস্থিৰ হৈ থাকে।