অসম

চন্দ্ৰপুৰত এতিয়া গাখীৰৰ উভৈনদী, দৈনিক লিটাৰে লিটাৰে গৰুয়ে দিছে গাখীৰ!

চন্দ্ৰপুৰ ৰুৰবান ক্লাষ্টৰ হিতাধিকাৰীক বিতৰণৰ বাবে হাৰিয়ানাৰ পৰা অনা হৈছে পোৱালি সহ প্ৰায় ১৮০ গো ধন

কেন্দ্ৰীয় চৰকাৰৰ শ্যাম প্ৰসাদ মুখাৰ্জী ৰুৰবান ক্লাষ্টৰ মিছন আঁচনিৰ জৰিয়তে চন্দ্ৰপুৰ আৰু পানীখাইতি গাওঁ পঞ্চয়াত এলেকাৰ দুইশ হিতাধীকাৰীক বিতৰণৰ বাবে হাৰিয়ানাৰ পৰা ৩১ অক্টোবৰত পোৱালি সহ প্ৰায় ১৮০টা গো ধন অনা হৈছে। জানিব পৰা মতে এজন হিতাধিকাৰীক দুটাকৈ মুঠ দুইশ হিতাধাকাৰীৰ মাজত চাৰিশ গাই বিতৰণ কৰা হব । হাৰিয়ানাৰ পৰা অনা এই উন্নত প্ৰজাতিৰ গৰু সমুহৰ পৰা দৈনিক লিটাৰে লিটাৰে ওলাইছে গাখীৰ। এই গাই সমূহ দৈনিক গাখীৰ খিৰাই খানাপাৰা স্থিত দুগ্ধ পামত বিক্ৰী কৰি থকা হৈছে।

উল্লেখ্য যে বিগত ছয় দিনধৰি চন্দ্ৰপুৰৰ অস্থায়ী গোহালিত ৰখা হৈছে এই উন্নত মান প্ৰজাতিৰ গো ধন বোৰ। বিভাগীয় কতৃপক্ষৰ হেমাহিৰ বাবে এনে দৰে পৰি আছে গো ধন সমূহ। ইতিমধ্যে অস্থায়ী গোহালিতে মৃত্যু হৈছে পাঁচটাকৈ গৰুৰ পোৱালীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.